অসম

assam

Thief terror in Rangia : ৰঙিয়া আৰক্ষীৰ জালত দুটা চিলনী চোৰ

By

Published : Dec 16, 2022, 5:45 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ৰঙিয়া আৰক্ষীৰ জালত পৰিল দুটাকৈ চিলনী চোৰ (Thief arrested in Rangia)। বৃহস্পতিবাৰৰ এক চুৰি কাৰ্যত জড়িত আছিল দুয়োটা চোৰ । ধৃত চোৰ কেইটা হৈছে ৰঙিয়াৰ পূৱ কণিহাৰ চাইফুল হক আৰু কমলপুৰৰ বামুণগাঁৱৰ পাপু আলী । চোৰ কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৬ হাজাৰ টকা, মোবাইল ফোন আৰু তিনিখন মটৰ চাইকেল । উল্লেখ্য যে বৃহস্পতিবাৰে ৰঙিয়াৰ ২ নং ডিমুত ধন লুটৰ ঘটনাত জড়িত আছিল দুয়োটা চোৰ (Rangia thief incident)। নম্বৰপ্লেট বিহীন মটৰ চাইকেলেৰে দুয়োজনে কামৰূপৰ পুৰণ বোৰ্কাৰ নিবাসী তথা পুঠিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰী জুবি মহন্তৰ হাতৰ পৰা বেগ কাঢ়ি নিছিল য'ত নগদ ধন, মোবাইলসহ পৰীক্ষাৰ এডমিট কাৰ্ড আছিল । এই ঘটনাৰ ১২ ঘণ্টাৰ ভিতৰতে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চিলনী চোৰ দুটাক (Rangia police arrests two thieves)। ৰঙিয়া থানাত দুয়োটাকে আৰক্ষীয়ে জেৰা কৰাত বাইকৰ কিস্তি দিব নোৱাৰি ছাত্ৰীৰ বেগ কাঢ়ি নিয়া বুলি স্বীকাৰ কৰিছে দুই চোৰে ।
Last Updated :Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details