অসম

assam

erosion in assam : গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত ডুমডুমাত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 2:33 PM IST

গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত ডুমডুমাত প্ৰতিবাদ

তিনিচুকীয়া, 8 নৱেম্বৰ: বৃহত্তৰ ন-দিহিং অঞ্চলৰ গৰাখহনীয়া ৰোধ কৰাৰ দাবীত ডুমডুমা ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৷ সদৌ মৰাণ ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত, ন-দিহিং শাখা সমিতি, স্থানীয় যু্ৱ সংঘ আৰু ৰাইজৰ সহযোগত গ্ৰহণ কৰা হৈছে এই প্ৰতিবাদী কাৰ্যসূচীৰ  ৷ 'বিজেপি হায় হায়,' 'বলিন চেতিয়া কাম নাই,' 'বলিন চেতিয়া মুৰ্দাবাদ,' 'গৰাখহনীয়া সমস্যা সমাধান কৰক,' 'পীযুষ হাজৰীকা হায় হায়,' 'অসম চৰকাৰ হুঁচিয়াৰ' আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে এক ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিবাদকাৰীসকলে ৷ 

প্ৰতিবাদৰ জৰিয়তে খৰালি কালতেই ন দিহিং অঞ্চলৰ গৰাখহনীয়া ৰোধ কৰাৰ লগতে দুটাকৈ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি চৰকাৰীভাৱে স্বীকৃত একমাত্ৰ “লেম’ন ভিলেজ” (Lemon village) খনক বচোৱাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে ৷ 

সমান্তৰালভাৱে যিসকলৰ মাটি ভেটি ইতিমধ্যে নদীয়ে উটুৱাই নিলে সেইসকলক উচিত ক্ষতিপূৰণ প্ৰদানৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক:Fire break out in Bilasipara: বিধ্বংসী অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ ক্ষতি

ABOUT THE AUTHOR

...view details