অসম

assam

Pathaan released: পাঠান ছবিক লৈ নগাঁৱতো দৰ্শকৰ উৎসুকতা

By

Published : Jan 25, 2023, 2:29 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

আজি মুক্তি লাভ কৰিলে বহু বিৰ্তকিত বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ বোলছবি "পাঠান" (Pathaan film released)। সমগ্ৰ দেশৰ লগতে অসম ছবিগৃহবোৰতো বোলছবিখনৰ প্ৰথম দৰ্শনীৰ বাবে ভিৰ কৰা পৰিলক্ষিত দৰ্শকৰ । কোনো অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ বাবে সষ্টম অসম আৰক্ষী । প্ৰতিটো ছবিগৃহতে কটকটীয়া নিৰাপত্তা বেষ্টনী । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো দেখা গ’ল একেই পৰিৱেশ (Security arrangements in Nagaon over Pathaan film) ৷

নগাঁৱতো পাঠান জ্বৰত আক্ৰান্ত চলচিত্ৰ প্ৰেমীসকল । নগাঁৱৰ কৃষ্ণা চিনেমা হলত মুক্তি শ্বাহৰুখ খানৰ বিতৰ্কিত ছবি পাঠান। ছবিখনক লৈ অন্য প্ৰান্তৰ লগতে অসমতো বহু বিতৰ্কৰ সূচনা হোৱাৰ পিছত বৃহস্পতিবাৰে মুক্তি লাভ কৰে পাঠান ছবিয়ে । নগাঁৱৰ কৃষ্ণা চিনেমা হলত পাঠান ছবি উপভোগ কৰিবলৈ বাহিৰত ভিৰ কৰিছে দৰ্শকে (Houseful show of Pathaan in Nagaon) ।  

পুৱাৰ পৰাই নগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শকে শ্বাহৰুখ খানৰ পাঠান ছবি উপভোগ কৰিবলৈ ছবিগৃহৰ বাহিৰত ভিৰ কৰিছে চিনেমা প্ৰেমী দৰ্শকে । পাঠান ছবিখনক লৈ অসমত বিতৰ্ক আৰম্ভ হোৱাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো মন্তব্য কৰিছিল ছবিখনক লৈ । বলিউড তাৰকা শ্বাহৰুখ খানে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰাৰ পিছতেই পাঠান ছবি উপভোগ কৰিব বিচৰা দৰ্শকক নিৰাপত্তা প্ৰদানৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Pathaan released in Nagaon theaters)।

বিষয়টোক লৈ চ’চিয়েল মিডিয়াতো সৰৱ চৰ্চা আৰম্ভ হৈছে বিগত কিছুদিন ধৰি (Pathaan film controversy in Assam)। সকলো বিতৰ্কৰ অন্তত বৃহস্পতিবাৰে মুক্তি লাভ কৰে শ্বাহৰুখ খানৰ বিতৰ্কিত ছবি পাঠানে । মুক্তি লাভৰ পিছতেই শ্বাহৰুখ খানৰ অনুৰাগীয়ে এইদৰে ভিৰ কৰে নগাঁৱৰ কৃষ্ণা চিনেমা হলৰ সন্মুখত । 

বিতৰ্কৰ পিছতেই পাঠান ছবি উপভোগ কৰিবলৈ উৎসুকতা বৃদ্ধি পোৱা বুলি মন্তব্য কৰে একাংশ দৰ্শকে । আন একাংশ বলিউডৰ কিং শ্বাহৰুখ খানৰ অনুৰাগী হোৱাৰ বাবেই ছবিখন উপভোগ কৰিবলৈ এইদৰে ভিৰ কৰা বুলি মন্তব্য কৰে ই টি ভি ভাৰতৰ সন্মুখত । উল্লেখ্য পাঠান ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে চুপাৰষ্টাৰ শ্বাহৰুখ খান ৷ ছবিখনত কৰিছে জন আব্ৰাহম আৰু দীপিকা পাডুকনেও ।

Last Updated :Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details