অসম

assam

HSLC paper leak: ছেবাৰ কাৰ্য্যালয়ৰ সন্মুখত নিশা অনশনত বহিল এন এছ ইউ আই

By

Published : Mar 14, 2023, 11:02 AM IST

নিশা অনশনত বহিল এন এছ ইউ আই ()

গুৱাহাটী, ১৪ মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল হোৱাৰ পিছতেই ৰাজ্যৰ চাৰিওফালে প্ৰতিবাদে গা কৰি উঠিছে ৷ শিক্ষা বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগৰ এনে গাফিলতিয়ে সচেতন মহলক জোকাৰি গৈছে ৷ ভৱিষ্যতৰ চিন্তাত হতাশাত ভূগিছে শিক্ষাৰ্থী ও অভিভাৱক ৷

ৰাজ্যৰ শিক্ষা বিভাগৰ অন্যতম অনুষ্ঠান ছেবাৰ চৰম অকৰ্মন্যতাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত এই পৰীক্ষা বাতিল কৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (SEBA hslc paper leak) । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীক চৰম অনিশ্চয়তালৈ ঠেলি দি মাধ্যমিক শিক্ষা পৰিষদ অসমে কৰা এনে নাশ্ৰুত-নাভূত কাণ্ডৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন ।

মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিলক লৈ অসম ৰাজ্যিক এন এছ ইউ আইৰ উদ্যোগত বামুনিমৈদামস্থিত ছেবাৰ কাৰ্য্যালয়ৰ সন্মুখত গোটৰ সদস্য সকলে সোমবাৰৰ পৰা নিশা অনশন কাৰ্যসূচী ৰূপায়ন কৰে (NSUI hunger strike) । প্ৰতিবাদী সকলে মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাটোৰ বাবে শিক্ষা মন্ত্ৰী ড৹ ৰণোজ পেগুক দোষাৰোপ কৰি মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী জনায় ।

প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ তদন্তৰ আওতাত মন্ত্ৰী ড৹ ৰণোজ পেগুক অনাৰ দাবী জনালে কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আয়ে (NSUI protest) । তেওঁলোকে বিজ্ঞানৰ পৰীক্ষা পুনৰ শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰিবলৈ দাবী জনায় । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ছাত্ৰ সংগঠনটোৱে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :HSLC exam paper leak: ছেবাক নিঃশেষ কৰাৰ এয়া এক চৰকাৰী ষড়যন্ত্ৰ আখ্যা আমছুৰ

ABOUT THE AUTHOR

...view details