HSLC exam paper leak: ছেবাক নিঃশেষ কৰাৰ এয়া এক চৰকাৰী ষড়যন্ত্ৰ আখ্যা আমছুৰ

author img

By

Published : Mar 14, 2023, 9:30 AM IST

Updated : Mar 14, 2023, 9:56 AM IST

Etv Bharat

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে প্ৰতিবাদত উত্তাল ৰাজ্য ৷ ঘটনাৰ তদন্ত দাবী কৰি মৰিগাঁৱত প্ৰতিবাদত নামিল আছু, আমছুকে ধৰি বিভিন্ন ছাত্ৰ সংগঠন (Protest against HSLC 2023 Science paper leaked) ৷

প্ৰতিবাদত উত্তাল ৰাজ্য

মৰিগাঁও, 14 মাৰ্চ : সোমবাৰে বাতিল কৰা হয় চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা ৷ ইয়াৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ সকলো পৰীক্ষা কেন্দ্ৰৰ লগতে মৰিগাঁও জিলাৰ ২৫ টা পৰীক্ষা কেন্দ্ৰতো সোমবাৰে বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা । জিলাখনৰ মুঠ ১৪,৪৮০ গৰাকী পৰীক্ষাৰ্থী সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰলৈ আহিও অৱতীৰ্ণ হ'ব নোৱাৰিলে পৰীক্ষাত । ইয়াৰ পিছতে উদ্বিগ্ন হৈ পৰে পৰীক্ষাৰ্থী ,অভিভাৱকৰ লগতে সচেতন মহল (HSLC 2023 Science paper leaked)।

ইয়াৰ পিছতে ছেবা আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে জিলাখনত বিভিন্ন ছাত্ৰ সংগঠনে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । মৰিগাঁও চহৰত সদৌ মৰিগাঁও জিলা ছাত্র সন্থাৰ উদ্যোগত হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ অপসাৰণৰ দাবী তথা চৰকাৰ বিৰোধী শ্ল’গানেৰে মুখৰ হৈ পৰে মৰিগাঁৱৰ ৰাজপথ । প্ৰতিবাদকাৰীসকলে দাহ কৰিলে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি (AASU Slams SEBA)।

প্ৰতিবাদী কাৰ্যসূচীটোৰ দ্বাৰা সদৌ মৰিগাঁও জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে এটা বছৰত এটাও পৰীক্ষা কোনো বিসংগতি নোহোৱাকৈ পাতিব নোৱাৰা বুলি অভিযোগ তুলি শিক্ষামন্ত্ৰীগৰাকীক অকৰ্মণ্য আখ্যা দি তেওঁৰ অপসাৰণৰ দাবী তোলে । ইয়াৰ বিপৰীতে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক ৰূপজ্যোতি মেধিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কটু ভাষাৰে সমালোচনা কৰি এই প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ সৈতে জড়িত দোষীক শীঘ্ৰে চিনাক্ত কৰি উচিত শাস্তিৰ দাবী তোলে ৷ লগতে ঘটনাৰ উচিত তদন্ত দাবী কৰে সংগঠনটোৱে (HSLC general science question paper leak)।

লগতে পঢ়ক : HSLC question paper leaked: অসমীয়া ভাষা শেষ কৰাৰ পৰিলল্পনা কৰিছে চৰকাৰে: ড৹ হীৰেন গোহাঁই

আনহাতে প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুয়ে এক সংবাদ মেল সম্বোধন কৰে ৷ সংবাদমেলত অসমৰ জাতীয় অনুষ্ঠান ছেবাক নিঃশেষ কৰাৰ এয়া এক চৰকাৰী ষড়যন্ত্ৰ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিমে (AAMSU Protest against science question paper leak) ।

Last Updated :Mar 14, 2023, 9:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.