HSLC question paper leaked: অসমীয়া ভাষা শেষ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে: ড৹ হীৰেন গোহাঁই

author img

By

Published : Mar 13, 2023, 10:55 PM IST

Updated : Mar 14, 2023, 2:30 PM IST

HSLC question paper leaked

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ব বিশিষ্ট চিন্তাবিদ হীৰেণ গোহাঁই (Dr Hiren Gohain) ৷ ৰাইজক ঘৰতে বহি নাথাকি আন্দোলনৰ বাবে ওলাই আহিবলৈ আহ্বান বিশিষ্ট চিন্তাবিদগৰাকীৰ ৷ এইখন চৰকাৰক অসম-বিৰোধী ‘থলুৱা’ চৰকাৰ আখ্যা ড৹ হীৰেণ গোহাঁইৰ ৷

গুৱাহাটী, 13 ফেব্ৰুৱাৰী: ৰাইজেই ছেবাক বচাওক ৷ জোৰ পুৰি হাত পাইছে ৷ আৰু বহি থকাৰ সময় নাই ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিলক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ৰাইজক উদ্দেশ্যি এই আহ্বান বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁইৰ ৷ সামাজিক মাধ্যমযোগে ৰাইজলৈ এই আহ্বান জনাইছে বিশিষ্ট চিন্তাবিদগৰাকীয়ে (Dr Hiren Gohain on SEBA) ৷

HSLC question paper leaked
অসমীয়া ভাষা শেষ কৰাৰ পৰিলল্পনা কৰিছে চৰকাৰে: ড৹ হীৰেন গোহাঁই

ছেবাৰ দায়িত্বহীনতাৰ বিৰুদ্ধে সৰৱ হৈ ৰাইজক সংগ্ৰামৰ বাবে আহ্বান জনাই ছেবাৰ অধ্যক্ষ,সচিবক তৎক্ষণাত বিদায় দিয়ক বুলি মন্তব্য হীৰেন গোহাঁইৰ ৷ লগতে ড৹ গোঁহাইৰ মন্তব্য যে ছেবাৰ এনে দায়িত্বহীনকাণ্ডৰ আঁৰত আছে ছেবাৰ লগতে অসমৰ অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থা উৎখাত কৰাৰ পৰিকল্পনা (Assam SEBA controversy) ৷ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিও চৰকাৰক বচাবলৈ বাগাড়ম্বৰ নকৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ বিশিষ্ট চিন্তাবিদগৰাকীয়ে ৷ একো কৰাৰ ইচ্ছা নাথাকিলে ছাত্ৰ সন্থাক ঘৰত বহি থকাৰো আহ্বান ড৹ গোহাঁইৰ (Dr Hiren Gohain slams AASU) ৷

ড৹ হীৰেন গোঁহাইৰ ফেচবুক লিখাৰ পূৰ্ণ পাঠ:

সংগ্ৰামৰ আহ্বান ৷ বন্ধুসকল, মেট্ৰিক পৰীক্ষাক লৈ SEBAৰ অভূতপূৰ্ব আৰু অতি নিষ্ঠুৰ ল'ৰা-ধেমালিয়ে জাননী দিছে যে এইটো কেৱল অকৰ্মণ্যতাৰ লক্ষণ নহয় ৷ এই চৰম দায়িত্বহীনতাৰ আঁৰত আছে SEBAৰ লগতে অসমৰ অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থা উৎখাত কৰাৰ পৰিকল্পনা ৷

অসমৰ মধ্যবিত্ত চামৰ প্ৰভাৱশালী অংশৰ বেইমানী সত্বেও দুখীয়া অসমীয়া আৰু এচাম দায়বদ্ধ দেশপ্ৰেমিক মধ্যবিত্তৰ ঐকান্তিক যত্নৰ ফলত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত অসমীয়া মাধ্যম টিকি আছে ৷ তাকো শেষ কৰিবলৈ একেবাৰে তলৰ শ্ৰেণীৰ পৰা ইংৰাজীত গণিত,বিজ্ঞান শিকোৱাৰ অজগৌ সিদ্ধান্ত কৰিছে অসম-বিৰোধী ‘থলুৱা’ চৰকাৰটোৱে ৷ উদ্দেশ্য এই বিদ্যালয়বোৰত পয়মাল সৃষ্টি কৰা ৷

মেট্ৰিক পৰীক্ষাত চৰম খেলিমেলি লগোৱাৰ কাৰণো এয়াই ৷ এই কাৰণেই SEBAৰ অধ্যক্ষৰূপে আচৰিত ধৰণে অসমৰ প্ৰতি কোনো মমতা নথকা বাহিৰা বিষয়াক নিযুক্তি দিয়া হৈছিল ৷ জোৰ পুৰি হাত পাইছে ৷ আৰু বহি থকাৰ সময় নাই ৷ ছাত্ৰসন্থাই চৰকাৰক বচাবলৈ পুনৰ বাগাড়ম্বৰ নকৰে যেন ৷ একো কৰাৰ ইচ্ছা নাই যদি ঘৰতে বহি থাকক ৷ ৰাইজেই SEBAক বচাওক, অসমীয়া মাধ্যম আৰু অসমীয়া জাতিক বচাবলৈ ঘৰৰ আৰাম এৰি ওলাই আহি আন্দোলন কৰক ৷

আমি অসমীয়া অন্যায়ৰ বলি হলে কন্দা-কটা, চিঞৰ-বাখৰ, গালি-শপনি পাৰি শেষত ভাগৰি আকৌ ঘৰত সোমাওঁ, আকৌ নিৰ্মম দমনকাৰীৰ আন এক অত্যাচাৰৰ বলি হ’বলৈ ৷ এনে ভুল আৰু কিমান কৰিব? বাটলৈ ওলাই আহক, সংগঠিত হওক, বজ্ৰকণ্ঠে দাবী কৰক- SEBAৰ অধ্যক্ষ, সচিবক তৎক্ষণাত বিদায় দিয়ক ৷ পৰীক্ষা-নিয়ন্ত্ৰকক জেৰা কৰি উলিয়াওক কাৰ দোষত এনে বিপৰ্যয় হ'ল আৰু দোষীক শাস্তি বিহক ৷

সৎ,কোনো চৰকাৰৰ গোলাম নোহোৱা অসমীয়া দায়িত্বশীল বিষয়াক অধ্যক্ষ,সচিব পাতক ৷ SEBAক জীয়াই থাকিবলৈ দিব বুলি চৰকাৰৰ মুৰব্বীয়ে কাণত ধৰি শপত খাওক ৷

এই দৰেই সামাজিক মাধ্যমত চৰকাৰ আৰু ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁই ৷

লগতে পঢ়ক: HSLC Gen Science exam: 30 মাৰ্চত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা

Last Updated :Mar 14, 2023, 2:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.