নিউজ ডেস্ক 13 মাৰ্চ সোমবাৰে অনুষ্ঠিত নহল ছেবাৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা ৷ পৰীক্ষাৰ আগদিনা অৰ্থাৎ কালি প্ৰশ্নকাকত ফাদিল হোৱাৰ পাচতেই ছেবাই বাতিল কৰে এই পৰীক্ষা ৷ ছেবাৰ সচিবে শেহতীয়াকৈ জনোৱা মতে অহা 30 মাৰ্চত পুনৰ অনুষ্ঠিত কৰা হব এই পৰীক্ষা ৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও এই কথা প্ৰকাশ কৰিছে টুইটাৰযোগে HSLC Gen Science exam on 30th March ৷ ছেবাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি সচিব নৰনাৰায়ণ নাথে কয় ‘‘বাতিল হোৱা সাধাৰণ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হব ৩০ মাৰ্চত পুৱা ৯ বজাৰ পৰা । ইতিমধ্যে CID ত এজাহাৰ দাখিল কৰিলোঁ । আৰম্ভ হৈছে তদন্ত । আশা কৰিছোঁ অচিৰেই এই দুষ্কাৰ্যত জড়িত লোক ধৰা পৰিব আৰু শাস্তি লাভ কৰিব ।তেওঁ লগতে কয় ‘‘প্ৰশ্ন কাকত প্ৰস্তুত প্ৰেৰণ কৰাটো এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে হয় ৷ কিন্তু তাৰ মাজত বেমেজালি কিয় হৈছে সেয়া তদন্তত ওলাব । এই দুৰ্ভাগ্য জনক পৰিস্থিতিত আমিও মৰ্মাহত হৈছোঁ । যি উৎসাহেৰে আজি শিক্ষাৰ্থীসকল আহিছিল আমি আশা কৰো ৩০ তাৰিখেও আহিব এইদৰেই । দিছপুৰ মণ্ডলৰ পৰা প্ৰশ্ন হেৰোৱাৰ কথা আমি অৱগত নহয় । লগতে পঢ়ক HSLC Exam 2023 বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি বিৰোধীৰ প্ৰতিক্ৰিয়াআনহাতে ধনৰ লেনদেন হোৱা বুলি শান্তিকাম হাজৰিকাই ছেবাৰ ওপৰত যি গুৰুত্বৰ অভিযোগ আনিছিল সেয়া নাকচ কৰে সচিবগৰাকীয়ে । ইপিনে গণিৰগ্ৰামত বাতিল হোৱা ইংৰাজী পৰীক্ষা ২৮ মাৰ্চত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হব বুলি মন্তব্য কৰে নৰনাৰায়ণ নাথ । তেওঁ প্ৰতিটো পৰীক্ষাই আমাৰ বাবে অভিজ্ঞতা বুলি কয়৷ ছেবাই ছাত্ৰছাত্ৰীৰ 200 শতাংশ ভালকৈ বাবে কাম কৰি যাব বুলিও মন্তব্য কৰে সচিব নাথে ।উল্লেখ্য যে দেওবাৰে পৰীক্ষা বাতিল তথা প্ৰশ্নকাকত ফাদিলৰ বিষয়টো সৰ্বত্ৰে বিয়পি পৰাৰ পাচতেই ছেবাক সমালোচনাৰে থকা সৰকা কৰিছে সচেতন মহলে ৷ ইয়াৰ লগতে বহুতেই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পদত্য়াগো দাবী কৰে ৷ কোনো এটা পৰীক্ষাকেই সুকলমে অনুষ্ঠিত কৰিব নোৱৰা ছেবাৰ বাবে অৱশ্যে এই বদনাম নতুন নহয় SEBA exam paper controversy ৷মেট্ৰিকৰ লগতে ছেবাই অনুষ্ঠিত কৰা বিভিন্ন পৰীক্ষাত বিসংগতিৰ সৃষ্টি হোৱাতো যেন এক পৰম্পৰাত পৰিণত হৈছে ৷ বিগত সময়ছোৱাতো এনেদৰে মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ ৰেকৰ্ড আছে নামত ৷ 2012 চনত তাতকৈও এখোপ ওপৰলৈ গৈ পৰীক্ষাৰ উত্তৰ বহী হৈছিলগৈ গৰুৰ খাদ্য ৷ কিন্তু তাৰ পাচতো যেন বিভাগটোৰ গা লৰা নাই ৷ ৰুগ্ন অৱস্থাৰেই পৰীক্ষা অনুষ্ঠিত কৰি ৰিজাল্ট দিয়াৰ দায়িত্ব পালন কৰি থকা ছেবাই যেন নিজৰ চিকিৎসা কৰিবলগীয়া হোৱা পৰিস্থিতিটোৰ কথা আজিও উপলব্ধি কৰিব পৰা নাই HSLC Gen Science paper leaked ৷লগতে পঢ়ক HSLC paper leaked বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলক লৈ আছুৰ প্ৰতিক্ৰিয়াউল্লেখ্য যে যোৱা 3 মাৰ্চৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনাই ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উঠিছিল ৷ কিন্তু সেই কথা নস্যাৎ কৰিছিল শিক্ষামন্ত্ৰীয়েও ৷ দেওবাৰে যেতিয়া সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ আহিল লগে লগে শিক্ষামন্ত্ৰীক সকলোৱে সমালোচনাৰে ওপচাই পেলাইছে SEBA faces troll on social media ৷ বৰ্তমান সময়ত এনেবোৰ বিতৰ্কৰ ক্ৰিয়াপ্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত সকলোতকৈ বেছি ভূমিকা দেখা সামাজিক মাধ্য়মৰ ৷ ৰাজ্যৰ বহু সংখ্যকেই এতিয়া ছেবা আৰু শিক্ষামন্ত্ৰীক সমালোচনা কৰিবৰ বাবে বাচি লৈছে সামাজিক মাধ্যম ফেচবুক আৰু টুইটাৰক ৷ সোমবাৰে পুৱাৰে পৰা দেখা গৈছে সামাজিক মাধ্যমত ছেবাক সমালোচনা ৷ লগতে পঢ়ক HSLC Exam Question Paper Leaked মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলে প্ৰকৃত স্বৰূপ উদঙালে ছেবাৰবহুতেই বিভিন্ন ধৰণেৰে সমালোচনা কৰিছে ছেবা আৰু ডাঃ ৰণোজ পেগুক ৷ কিন্তু প্ৰতিবাৰেই পৰীক্ষাৰ ক্ষেত্ৰত বিসংগতিয়ে লগ নেৰা ছেবাৰ কেতিয়াবা সংশোধন হব নে সেই উত্তৰ দিবলৈ হয়তো ছেবা কৰ্তৃপক্ষৰো দোধোৰমোধোৰ লাগিব SEBA exam news ৷