অসম

assam

Killer arrested in Guwahati: পত্নীক ডিঙি চেপি হত্যা কৰি আৰক্ষীৰ জালত আলটাফ

By

Published : Aug 6, 2022, 5:07 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

বামুনীমৈদাম হত্যাকাণ্ডৰ নতুন মোৰ ৷ আৰক্ষীৰ জালত পৰিল পত্নীক ডিঙি চেপি হত্যা কৰা আলটাফ আলী (Husband killed wife)৷ যোৱা ৩ আগষ্টত বামুণীমৈদামৰ ভাস্কৰ নগৰৰ নলাত বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল মফিদা বেগম নামৰ এগৰাকী মহিলাৰ মৃতদেহ (Body rescued in Guwahati)৷ শুকুৰবাৰে টি চি পইন্টত আত্মগোপন কৰি থকা হত্যাকাৰী স্বামী আলতাফ আলীক চানমাৰি আৰক্ষীয়ে (Chandmari police) গ্ৰেপ্তাৰ কৰে ৷ পত্নীক হত্যা কৰি সন্তানক দৰঙৰ বাসগৃহত থৈ আহি আত্মগোপন কৰিছিল আলতাফে ৷ পাৰিবাৰিক কন্দলৰ বাবে মফিদা বেগমক স্বামীয়ে ডিঙি চেপি হত্যা কৰিছিল বুলি স্বামী আলটাফে আৰক্ষীৰ আগত স্বীকাৰ কৰে (Police arrested husband)৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
Last Updated :Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details