অসম

assam

Massive Eviction Drive in Jonai: জোনাইৰ লক্ষী নেপালী বস্তিত প্ৰশাসনৰ উচ্ছেদ অভিযান

By

Published : Feb 3, 2023, 6:12 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

জোনাইৰ লক্ষী নেপালী বস্তিত প্ৰশাসনৰ উচ্ছেদ অভিযান

জোনাই,৩ ফেব্ৰুৱাৰী: থমকি ৰোৱা নাই প্ৰশাসনৰ বুলডজাৰ। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি প্ৰশাসনে চলাই গৈছে উচ্ছেদ অভিযান । বছৰ বছৰ ধৰি চৰকাৰী ভূমি বেদখল কৰি আশ্ৰয় লোৱা সকলো বেদখলকাৰীক এফালৰ পৰা উচ্ছেদ কৰি গৈছে ৰাজ্য চৰকাৰে(Encroachment in Jonai) ৷ বনাঞ্চলৰ ভূমিকে ধৰি, সত্ৰৰ ভূমি বেদখল মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে এই উচ্ছেদ অভিযান (Eviction in Assam) ৷   

উল্লেখ্য় যে একাংশ সন্দেহযুক্ত নাগৰিক আৰু একাংশই অন্যস্থানত ভূমি থকাৰ স্বত্বেও বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি দখল কৰি বসতি স্থাপন কৰি আছে । তেওঁলোকে লগতে এই ভূমিত কৰি আহিছে কৃষিকাৰ্য ৷ সেইসমূহ স্থান বেদখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশত জিলা প্ৰশাসনে উচ্ছেদ অভিযান তীব্ৰতৰ কৰিছে ৷ তদুপৰি একাংশ ব্য়সায়ীয়ে চহৰাঞ্চলত চলাই আছে বেদখল । এনে বেদখলকাৰীৰ বিৰুদ্ধে শুকুৰবাৰেও চলিল উচ্ছেদ অভিযান (Eviction in Jonai)। 

সমগ্ৰ ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰশাসনে উচ্ছেদ অভিযান চলাই থকাৰ সময়তে জোনাইতো লক্ষী নেপালী বস্তিত শুকুৰবাৰে জোনাই মহকুমা প্ৰশাসনে চলালে উচ্ছেদ অভিযান(Eviction in Nepali Basti in Jonai) । দীৰ্ঘদিনৰ পৰা জোনাই মহকুমা প্ৰশাসনে অবৈধ ভাৱে ৰে'লৱে মাটি দখল কৰি বসবাস কৰা পৰিয়ালসমূহলৈ চৰকাৰী মাটি বে-দখলমুক্ত কৰাৰ বাবে জাননী জাৰী কৰিছিল । কিন্তু প্ৰশাসনৰ এই জাননী পোৱাৰ পাচতো চৰকাৰী মাটিত বসবাস কৰা পৰিয়ালসমুহে ত্যাগ কৰা নাছিল সেই স্থান । যাৰ প্ৰৰিপ্ৰেক্ষিতত শুক্ৰবাৰে জোনাই মহকুমা প্ৰশাসনে ৰে'লৱে মাটিত অবৈধ ভাৱে দখল কৰা পৰিয়াল সমূহৰ লগতে বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান সমূহত বুলড'জাৰ লগাই উচ্ছেদ অভিযান চলায় । 

লগতে পঢ়ক:Operation against child marriage: বাল্যবিবাহৰ গোচৰত জামুগুৰিহাটত ৩ জনক আটক

Last Updated :Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

...view details