অসম

assam

Road Accident in Nalbari: নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত কয়লাভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

By

Published : Mar 25, 2023, 2:10 PM IST

নলবাৰীত কয়লাভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

নলবাৰী, ২৫ মাৰ্চ: নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাওদলত এখন কয়লাভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাগ্ৰস্ত হৈ বাগৰি পৰা কয়লাভৰ্তি বাহন খনৰ নম্বৰ ইউ পি ২২ টি ৭৭৮৫ (Coal Truck Accident in Nalbari) ৷  

দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে কথমপি প্ৰাণ ৰক্ষা পৰে চালকজনৰ লগতে হেণ্ডিমেনজনৰ । জানিব পৰা মতে কয়লা ভৰ্তি ট্ৰাকখন মাৰ্ঘেৰিটাৰ পৰা উত্তৰ প্ৰদেশলৈ গৈ থকাৰ সময়তে নলবাৰীৰ লাওদল চ'কত সংঘটিত হয় এই দুৰ্ঘটনাটো (Road Accident in Nalbari)।  

চলন্ত অৱস্থাত ট্ৰাকখনৰ সন্মুখত হঠাতে এটা গৰু আহি পৰাত, চালকজনে ব্ৰেক মৰাত নিয়ন্ত্ৰণ হেৰুৱাই মালবাহী ট্ৰাকখনৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে হেণ্ডিমেনজনে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত নলবাৰীৰ যান-বাহন শাখাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰা জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Fraud Doctor in Lakhimpur: লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভুৱা চিকিৎসক 

ABOUT THE AUTHOR

...view details