অসম

assam

ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে প্ৰতিবাদত বহিল অংকিতা দত্ত

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 11:55 AM IST

ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে প্ৰতিবাদত বহিল অংকিতা দত্ত

আমগুৰি,১৮ জানুৱাৰী:ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পঞ্চমটো দিন ৷ মণিপুৰৰ পিছতে নাগালেণ্ডৰ অধ্য়ায় সামৰি বৃহস্পতিবাৰে পুৱা হালোৱাটিং হৈ অসমত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ ইয়াৰ পিছতে আমগুৰি এখন জনসভা সম্বোধন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । পিছে ৰাহুল গান্ধী আমগুৰিত উপস্থিত হোৱাৰ প্ৰাকঃমূহুৰ্তত পুনৰ গৰজি উঠিল কংগ্ৰেছৰ নিলম্বিত নেত্ৰী অংকিতা দত্ত । আমগুৰি নগৰৰ বিভিন্ন স্থানত বৃহৎ বেনাৰ আঁৰি কেইবা শতাধিক লোকে সাব্যস্ত কৰে প্ৰতিবাদ ।  

ৰাহুল গান্ধীৰ আগমনৰ পূৰ্বে অংকিতাৰ এই প্ৰতিবাদে বিশেষ তাৎপৰ্য বহন কৰিছে । কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পূৰ্বে কংগ্ৰেছৰ নিলম্বিত নেত্ৰী অংকিতা দত্তৰ সমৰ্থনত নাৰীক সন্মান দিয়ক, ন্যায়ৰ অধিকাৰ প্ৰদান কৰক, অংকিতাৰ বাবে ন্যায় আদি শ্ল'গানেৰে অংকিতা দত্তই আমগুৰি পৌৰসভা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । নিলম্বিত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে তেওঁ যোৱা ১০ মাহ ধৰি বনবাসত আছিল । আজি কংগ্ৰেছৰ যুৱৰাজে তেওঁক ন্যায় প্ৰদান কৰিব ।

লগতে পঢ়ক:ভাৰত জোড়ো ন্যায় যাত্ৰা: অসমত উপস্থিত ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details