অসম

assam

Protest at Tinsukia : তিনিচুকীয়াৰ জলন্ত সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ

By

Published : Feb 3, 2023, 8:18 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

তিনিচুকীয়াৰ জলন্ত সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ

তিনিচুকীয়া, ৩ ফেব্ৰুৱাৰী: নানান সমস্যাৰে ভাৰাক্ৰান্ত বাণিজ্যিক চহৰ তিনিচুকীয়া (Various problem of Tinsukia)৷ বাটপথ, নলা-নৰ্দমা, যান-জঁটকে বিভিন্ন সমস্যাৰে জৰ্জৰিত তিনিচুকীয়া । বিভিন্ন দল-সংগঠনে এই সমস্যাবোৰ সমাধানৰ বাবে দাবী জনাই আহিছে যদিও আজিলৈ সেইবোৰ সমাধান হোৱা নাই । যাৰ বাবে পুনৰ সদৌ অসম ছাত্ৰ সন্থা আৰু কেইবাটাও সংগঠনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে (Local organisation protest at Tinsukia)।

তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত শুকুৰবাৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ সমীপত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কেইবাটাও সংগঠনে (AASU protest at Tinsukia)৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদ্দীপ বৰপাত্ৰ আৰু সাধাৰণ সম্পাদক নয়নজ্যোতি বেজবৰুৱাৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দেৱজিত বৰুৱা ।

ইফালে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা, মটক সাহিত্য সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক বিকাশজ্যোতি শইকীয়া, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, সহকাৰী সাধাৰণ সম্পাদক সত্য বৰগোহাঁইকে আদি কৰি আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক কৰ্মকৰ্তাই এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷

অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অতি শীঘ্ৰে তিনিচুকীয়াৰ বিভিন্ন স্থানীয় সমস্যাসমূহ সমাধানৰ বাবে দাবী জনায় । প্ৰতিবাদকাৰীসকলে শোচনীয় বাট পথ নিৰ্মাণ, নলা-নৰ্দমা, ঐতিহ্যমণ্ডিত স্থানসমূহৰ শোভাবৰ্ধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, পাৰ্কিঙৰ ব্যৱস্থা কৰা, চহৰখনৰ যান-জঁটৰ সমস্যা সমাধান কৰা, ট্ৰেফিক লাইটৰ সু-ব্যৱস্থা কৰা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা আদি বিভিন্ন সমস্যা সমাধান কৰাৰ লগতে অতি শীঘ্ৰে পৌৰসভাৰ পৌৰপতি নিযুক্তি কৰি পৌৰসভাৰ কামসমূহ খৰতকীয়া কৰাৰ দাবী উত্থাপন কৰে (Main problem of Tinsukia town)৷

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে তিনিচুকীয়া পৌৰসভাক লৈ তিনিচুকীয়াৰ বিধায়কে ৰাজনীতি অব্যাহত ৰাখিছে । যাৰ বাবে তিনিচুকীয়া চহৰখনৰ সমস্যাসমূহ দীৰ্ঘদিন ধৰি সমাধান হোৱা নাই বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ বৰ্তমানৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণক অকৰ্মণ্য মন্ত্ৰী আখ্যা দি নিজৰ মাজতে খোৱা-কামোৰা লগাৰ বাবে নিজৰ দলৰে এজন সদস্যই পৌৰপতিৰ বিৰুদ্ধে অনাস্থা আনিব লগা হৈছে বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে ৷

সেয়ে এইধৰণৰ ৰাজনীতি বন্ধ কৰি অতি সোনকালে এগৰাকী যোগ্য ব্যক্তিক পৌৰপতিৰ দায়িত্ব অৰ্পণ কৰি চহৰখনৰ সমস্যাসমূহ সমাধান কৰিবলৈ ছাত্ৰ সন্থাকে ধৰি বাকী সংগঠনসমূহে দাবী জনায় ৷

লগতে পঢ়ক :Massive Eviction Drive in Jonai: জোনাইৰ লক্ষী নেপালী বস্তিত প্ৰশাসনৰ উচ্ছেদ অভিযান

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

...view details