অসম

assam

Mayur Hazarika: UPSC পৰীক্ষাত পঞ্চম স্থান দখলেৰে অসমক গৌৰৱান্বিত কৰা ময়ূৰ হাজৰিকাক উষ্ম আদৰণি

By

Published : May 24, 2023, 9:07 PM IST

তেজপুৰ, 24 মে’: UPSCৰ পৰীক্ষাত দেশৰ ভিতৰতে পঞ্চম স্থান দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে ইতিহাস সৃষ্টি কৰিলে ময়ূৰ হাজৰিকাই (UPSC topper Mayur Hazarika) ৷ বুধবাৰে তেজপুৰ মাজগাঁৱৰ শইকীয়া চুবুৰীৰৰ স্ব-গৃহত উপস্থিত হয় ময়ূৰ ৷ নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগেই যথেষ্ট সংখ্যক ৰাইজে ঢোল-তালেৰে মূল পথৰ পৰা ঘৰলৈ আদৰি আনে ময়ূৰক ৷ ইফালে চিকিৎসক হৈয়ো অতি সফলতাৰে সৰ্বভাৰতীয় পক্ষাৰত উত্তীৰ্ণ হোৱা ময়ূৰ হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰি আদৰণি জনায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Mayur Hazarika UPSC) ৷  

সংবাদমাধ্যমৰ আগত ময়ূৰ হাজৰিকাই এই পৰীক্ষাত বৈদিক পৰিক্ৰমাৰ বাবেই উত্তীৰ্ণ হৈছে যদিও দেশৰ হকে, নিজ গাঁওখনৰ হকে কাম কৰি যাব বুলি সদৰী কৰে ৷ নিজ গৃহত উপস্থিত হৈ ৰাইজৰ বিপুল সমাদৰত আত্মাহাৰা হৈ পৰে ময়ূৰ হাজৰিকা (UPSC topper 2022) ৷  

লগতে পঢ়ক:UPSC result 2022 : UPSC পৰীক্ষাত পঞ্চম স্থান দখল অসমৰ ময়ূৰ হাজৰিকাৰ

ABOUT THE AUTHOR

...view details