অসম

assam

কৃষ্ণ বন্দনাৰে মুখৰিত ঐতিহ্যমণ্ডিত জোনাই সাৰ্বজনীন নামঘৰ

By

Published : Aug 20, 2022, 8:44 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি ৷ এই পৱিত্ৰ দিনটোতে দুষ্টক দমনৰ লগতে পৃথিৱীবাসীক ৰক্ষা কৰি শুদ্ধ মাৰ্গ প্ৰদৰ্শনৰ অৰ্থে আবিৰ্ভাৱ হৈছিল বিশ্ব জগতৰ প্ৰভু নাৰায়ণ ৷ মাতৃ দৈৱকীৰ গৰ্ভত অৱস্থান কৰি যশোদাৰ উকা আঁচল পুৰাবলৈ এই দিনটোতে ধৰালৈ আগমন ঘটিছিল শিশু কৃষ্ণৰ ৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ দেশ-তথা ৰাজ্য ৷ ঐতিহ্যমণ্ডিত জোনাই সাৰ্বজনীন নামঘৰৰ লগতে সমগ্ৰ জোনাইত পৰিৱেশ হৰি নামৰ ধ্বনিত মুখৰিত হৈ পৰে(Jonmastami celebreated at Jonai Namghar) । শুক্ৰবাৰে সন্ধিয়াৰ পৰা স্থানীয় ভকত বৈষ্ণৱ একত্ৰিত হৈ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি জোনাই সাৰ্বজনীন নামঘৰত দিহা নাম, কৃষ্ণ নামেৰে আধ্যাত্মিকতাত বুৰ যায় সকলো ।
Last Updated :Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details