অসম

assam

Shubman Gill: বিশ্বকাপৰ আৰম্ভণিতে ডেংগুত আক্ৰান্ত হৈছিল শুভমন গিল, সেয়ে জানি লওক ডেংগুৰ পৰা হাত সৰাৰ উপায়

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 7:13 PM IST

কিছুদিন পূৰ্বে ক্ৰিকেটাৰ শুভমন গিল আক্ৰান্ত হৈছিল ডেংগু ৰোগত । যাৰ বাবে তেওঁ বিশ্বকাপৰ প্ৰথমখন মেচত উপস্থিত নাছিল ৷ ডেংগু হৈছে এটি মাৰাত্মক ৰোগ সেয়ে এই ৰোগৰ পৰা হাত সাৰিবলৈ আপুনি তলত উল্লেখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে ।

Shubman Gill got dengue at the beginning of the World Cup, know how to avoid this disease
বিশ্বকাপৰ আৰম্ভণিতে ডেংগুত আক্ৰান্ত হৈছিল শুভমন গিল, সেয়ে জানি লওক ডেংগুৰ পৰা হাত সৰাৰ উপায়

ডেংগু হৈছে এক ভাইৰাছজনিত ৰোগ যিয়ে প্ৰতি বছৰে বিশ্বৰ লাখ লাখ লোকক আক্ৰান্ত কৰে, বাৰিষা আৰু পৰিৱৰ্তিত বতৰত ইয়াৰ আশংকা বহুগুণে বৃদ্ধি পায় ৷ মাইকী Aedes Aegypti মহৰ কামোৰৰ ফলত ডেংগু জ্বৰ হয় ৷ ডেংগু জ্বৰৰ ক্ষেত্ৰত ৰক্তকণিকাবোৰ দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰে যাৰ ফলত শৰীৰ দুৰ্বল হৈ পৰে । এই ৰোগত উচ্চ জ্বৰ, মূৰ ঘূৰোৱা, তীব্ৰ মূৰৰ বিষ, হৃদস্পন্দন লেহেমীয়া হোৱা, চকুৰ পিছফালে তীব্ৰ বিষ, পেশী আৰু গাঁঠিৰ তীব্ৰ বিষ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ এই সমস্যাত তেজৰ প্লেটলেট কমি যায় যাৰ বাবে দুৰ্বলতাই দেখা দিয়ে ৷

শুভমন গিলো আক্ৰান্ত হৈছিল ডেংগুত

আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ একেবাৰে আৰম্ভণিতে ডেংগুত ভুগিবলগীয়া হৈছিল টীম ইণ্ডিয়াৰ তাৰকা অ’পেনিং বেটছমেন শুভমন গিল ৷ ইয়াৰ বাবে তেওঁ কেংগাৰুৰ বিৰুদ্ধে ৮ অক্টোবৰ দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মেচত উপস্থিত থাকিব পৰা নাছিল ৷ সেয়ে এই ৰোগৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানি লও আহক-

ডেংগুৰ পৰা হাত সৰাৰ উপায়

১) মহৰ প্ৰজনন বন্ধ কৰক

ডেংগু মহে পৰিষ্কাৰ আৰু জমা হৈ থকা পানীত প্ৰজনন কৰে, যাৰ বাবে ইহঁতৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পায় ৷ ইয়াক প্ৰতিৰোধৰ বাবে বহু ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, যেনে স্থানীয় অঞ্চলৰ কোনো ঠাইতে পানী জমা হ’বলৈ নিদিব ৷ নলা-নৰ্দমাত জমা হৈ থকা পানীত ঔষধ ছটিয়াই দিব ৷ দৈনিক কুলাৰৰ পানী সলনি কৰি থাকিব আৰু তাত ২ চামুচ কেৰাচিন তেল দিব ৷ ছাদত থকা পানীৰ টেংকিবোৰৰ ঢাকনি বন্ধ কৰি ৰাখক ৷ নাৰিকলৰ বাকলি আৰু পুৰণি টায়াৰত বৰষুণৰ পানী জমা হ’বলৈ নিদিব ৷

২) মহৰ জাল ব্যৱহাৰ কৰক

ৰাতি হওক বা দিনেই হওক, শুই থকাৰ সময়ত সদায় আঁঠুৱা লগাইহে শুব, ইয়াৰ ফলত ডেংগু বিয়পোৱা মহ আপোনাৰ সংস্পৰ্শলৈ অহাৰ পৰা ৰক্ষা পাব, যাৰ ফলত এই ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব, বিশেষকৈ সৰু ল’ৰা-ছোৱালীক সুৰক্ষা দিব ৷

৩) সম্পূৰ্ণ হাত দীঘল কাপোৰ পিন্ধিব

ঘৰতে হওক বা বাহিৰত হওক, সম্পূৰ্ণ হাত দীঘল কাপোৰ পৰিধান কৰিব লাগে আৰু ভৰি দুখনো ঢাকি ৰাখিব লাগে, ইয়াৰ ফলত মহে কামোৰাৰ সম্ভাৱনা বহু পৰিমাণে কমি যাব আৰু ডেংগু ৰোগৰ পৰা সহজেই ৰক্ষা পৰিব ৷

৪) খিৰিকী আৰু দুৱাৰত জাল স্থাপন কৰক

ডেংগু মহৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ চেষ্টা কৰা উচিত ৷ ইয়াৰ বাবে ঘৰৰ খিৰিকী, দুৱাৰ আৰু ভেন্টিলেশ্বনত প্লাষ্টিকৰ মিহি জাল স্থাপন কৰক যাতে মহ ঘৰত প্ৰৱেশ কৰাটো সম্পূৰ্ণৰূপে বন্ধ হৈ যায় ৷

লগতে পঢ়ক:World Cup 2023 : ভাৰতৰ বিশ্বকাপ অভিযান আৰম্ভণিৰ পূৰ্বে ডেংগুত আক্ৰান্ত শুভমন গিল, উদ্বিগ্ন ভাৰতীয় দৰ্শক

ABOUT THE AUTHOR

...view details