ETV Bharat / sports

World Cup 2023 : ভাৰতৰ বিশ্বকাপ অভিযান আৰম্ভণিৰ পূৰ্বে ডেংগুত আক্ৰান্ত শুভমন গিল, উদ্বিগ্ন ভাৰতীয় দৰ্শক

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 10:04 AM IST

World Cup 2023
ডেংগুত আক্ৰান্ত শুভমন গিল

ভাৰতৰ তাৰকা অপেনাৰ শুভমন গিল ডেংগুত আক্ৰান্ত হৈছে । যাৰ বাবে ভাৰতৰ প্ৰথমখন মেচত তেওঁ খেলাটো কঠিন হ'ব পাৰে । কোনে ল'ব গিলৰ স্থান ?

স্পৰ্টছ ডেস্ক,৬ অক্টোবৰ : ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে হতাশাজনক খবৰ । ডেংগুত আক্ৰান্ত হৈছে ভাৰতৰ অপেনাৰ বেটছমেন শুভমন গিল । ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন খেল অহা দেওবাৰে খেলিব । কিন্তু তাৰ পূৰ্বে গিল ডেংগুত আক্ৰান্ত হোৱাৰ খবৰে চিন্তিত কৰি তুলিছে ভাৰতীয় দলৰ লগতে ক্ৰিকেটপ্ৰেমীক ।

অহা দেওবাৰে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন খেল খেলিব । তাৰ প্ৰাকক্ষণত ফৰ্মত থকা ভাৰতীয় অপেনাৰ শুভমন গিল ডেংগুত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । গিলৰ স্বাস্থ্যজনিত সমস্যাই ভাৰতীয় বেটিং লাইনআপত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে । যাৰ বাবে ভাৰতীয় দলটোৰ উদ্বেগ বৃদ্ধি পাইছে । শুভমন গিল যদি সম্পূৰ্ণ সুস্থ নহয় তেনেহ'লে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ খেলখন খেলিব নোৱাৰিব !

যদি তেনে হয়, গিলৰ স্থানত ৰোহিত শৰ্মাৰ সৈতে ঈশান কিষাণে ইনিংছ আৰম্ভ কৰাৰ সম্ভাৱনা আছে । সাম্প্ৰতিক সময়ত ভাৰতৰ প্ৰভাৱশালী এদিনীয়া বেটছমেন গিল তীব্ৰ জ্বৰত ভুগি আছে বুলি জানিব পৰা গৈছে । সচৰাচৰ ডেংগু ৰোগীৰ শাৰীৰিক আৰোগ্যৰ ধৰণ বেলেগ বেলেগ হয় আৰু সাধাৰণতে সম্পূৰ্ণৰূপে আৰোগ্য হ'বলৈ প্ৰায় ৭ৰ পৰা ১০ দিন সময় লয় ।

তেনে অৱস্থাত দেওবাৰৰ খেলখনত শুভমন গিলে খেলিব যে নোৱাৰিব প্ৰায় নিশ্চিত হৈছে ! ইফালে দলটোৱে বিচাৰিব যে গিল যিমান সম্ভৱ সোনকালে আৰোগ্য হওক আৰু খেলপথাৰলৈ উভতি আহক । প্ৰথম খেলখন গিল অবিহনে খেলিলেও ১১ অক্টোবৰত আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন খেলত তেওঁৰ উপস্থিতি কামনা কৰিব ভাৰতীয় দলটোৱে । ভাৰতীয় দৰ্শকসকলেও গিলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে ।

ইফালে ২০২৩ চনৰ বিশ্বকাপৰ প্ৰথমখন খেলত নিউজিলেণ্ডে ইংলেণ্ডক ৯ উইকেটত পৰাস্ত কৰিছে । নিউজিলেণ্ডৰ এই আক্ৰমণাত্মক চৰিত্ৰ দেখি এতিয়া প্ৰতিটো দলে নিজৰ নিজৰ প্ৰস্তুতি আৰু অধিক তীব্ৰতৰ কৰি তুলিছে ।

লগতে পঢ়ক :Cricket World Cup 2023: বিৰাটক কাষত পাই সপোন পূৰণ হ’ল দিব্যাংগ অনুৰাগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.