অসম

assam

Ice for Face: মুখমণ্ডলত বৰফ প্ৰয়োগ কৰাৰ আছে অনেক উপকাৰিতা, জানিলে হৈ পৰিব আচৰিত

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 5:21 PM IST

পৰিৱৰ্তিত বতৰৰ ফলত ছালৰ সৈতে জড়িত সমস্যা সাধাৰণতে দেখা যায় ৷ এনে পৰিস্থিত বহুলোকৰ ৰিংৱৰ্ম, খজুৱতি, ফোহা আদি সমস্যাই অশান্তি দিয়ে ৷ সেয়ে আপুনি ঘৰতে উপলব্ধ কিছুমান বস্তু ব্যৱহাৰ কৰি গ্ল’য়িং ছাল পাব পাৰে ৷ নিয়মিতভাৱে মুখত বৰফ লগালে ব্ৰণকে ধৰি বহু সমস্যাৰ পৰা সকাহ পাব পাৰে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে বৰফ লগোৱাৰ উপকাৰিতা জানো আহক ৷

From curing acne to reducing inflammation, these are the great benefits of applying ice on the face
মুখমণ্ডলত বৰফ প্ৰয়োগ কৰাৰ আছে অনেক উপকাৰিতা, জানিলে হৈ পৰিব আচৰিত

ছালৰ যত্নৰ কথা আহিলে সকলোৱে নিজৰ মুখখন ত্ৰুটিহীন কৰি ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে ৷ UV বিকিৰণ, বায়ু প্ৰদূষণ, অস্বাস্থ্যকৰ জীৱনশৈলী আৰু মানসিক চাপে আমাৰ মুখৰ সৌন্দৰ্য্য হ্ৰাস কৰে ৷ ইয়াৰ ফলত ব্ৰণ, মুখৰ মিহি ৰেখা আৰু বলিৰেখাৰ সৈতে শুকান ছাল আদি সমস্যাৰ সৃষ্টি হয় ৷ সেয়ে এই ক্ষেত্ৰত আপোনাক সহায় কৰিব বৰফে ৷ ফেচ আইচিং হৈছে সুস্থ, গ্ল’য়িং আৰু পিম্পল মুক্ত ছাল পোৱাৰ অন্যতম এক সহজ উপায় ৷ যদিও, আজিকালি বজাৰত বহুতো ছালৰ যত্নৰ সামগ্ৰী পোৱা যায়, কিন্তু এই উপায়েৰে আপুনি বহুত টকা খৰচ নকৰাকৈ ঘৰতে বহি আপোনাৰ মুখমণ্ডল সতেজ তথা উজ্বল কৰি ৰাখিব পাৰে ৷

মুখত বৰফ লগালে এইবোৰ সুফল পোৱা যায়

ব্ৰণ ভাল কৰে

বৰফ লগালে প্ৰদাহ কমোৱাত সহায় কৰে, যিয়ে ব্ৰণ কমোৱা আৰু ভাল কৰাত সহায় কৰে ৷ ই ছালৰ প্ৰদাহ শান্ত কৰে আৰু লগতে আপোনাৰ ছিদ্ৰৰ আকাৰ বৃদ্ধি হোৱাত বাধা দিয়ে ৷

মুখখন উজ্জ্বল কৰি তোলে

মুখত বৰফ লগালেও কোনো ধৰণৰ ব্লাছ বা হাইলাইটাৰ নোহোৱাকৈ গ্ল’য়িং ছাল পোৱাত সহায়ক হ’ব পাৰে ৷ মুখত বৰফ ঘঁহিলে আপোনাৰ ছালত তেজৰ সঞ্চালন উন্নত হয়, যাৰ ফলত অক্সিজেনৰ প্ৰবাহ বৃদ্ধি পায় আৰু ছালত প্ৰাকৃতিক জিলিকনি আনে ৷

  • চকু ফুলা কম কৰে
  • নিয়মিতভাৱে মুখত বৰফ প্ৰয়োগ কৰিলে মুখৰ ফুলা কমি যায় ৷ এইদৰে চকুৰ তলত ফুলি উঠা কমি যায় ৷
  • ছানবাৰ্ণ আৰু ৰেচক শান্ত কৰক
  • বৰফ প্ৰয়োগ কৰিলে ৰ’দত পোৰাৰ চিকিৎসা হয়, কিয়নো ই ৰ’দৰ ফলত হোৱা ৰঙা পৰা আৰু ফুলাৰ পৰা উপশম ঘটাই আপোনাৰ ছালখন শান্ত কৰে ৷
  • ডাৰ্ক চাৰ্কল হ্ৰাস কৰাত সহায়ক

ফেচ আইচিঙে ডাৰ্ক চাৰ্কলৰ সমস্যাৰ অন্ত পেলায় ৷ গোলাপ পানীত শসাৰ ৰস অলপ দিব পাৰে ৷ এই মিশ্ৰণটো কিছু সময় ফ্ৰীজত ৰাখি তাৰ পিছত চকুৰ তলত বৰফৰ টুকুৰা লগাব ৷ কিছুদিন এই কাম অবিৰতভাৱে কৰি থাকিব, ডাৰ্ক চাৰ্কলৰ পৰা সকাহ পাব পাৰে ৷

লগতে পঢ়ক:Listeria outbreak: আপুনিও মিল্কশ্বেক খাই ভাল পায় নেকি ? পিচে সাৱধান !

TAGGED:

ABOUT THE AUTHOR

...view details