অসম

assam

Assam Meghalaya Border Conflict : সীমান্ত সমস্যাক লৈ উদ্বিগ্ন কাৰ্বি পাহাৰৰ তিনি সংগঠন

By

Published : Nov 28, 2022, 9:05 PM IST

সীমান্ত সমস্যাক লৈ উদ্বিগ্ন ASDC, KNCA আৰু KSA । বিষয়টো সন্দৰ্ভত ডিফুত সংবাদমেল আয়োজন কৰি উদ্বিগ্নতা প্ৰকাশ সংগঠনকেইটাৰ (ASDC KNCA KSA concern over border problem) ।

Diphu
Diphu

ডিফু, ২৮ নৱেম্বৰ :অসম-মেঘালয় সীমান্ত সমস্যাক লৈ উদ্বিগ্ন এ এছ ডি চি, কে এন চি এ আৰু কে এছ এ দলকেইটা (Assam Meghalaya border conflict) । ডিফুত এক সংবাদমেল আয়োজন কৰি সীমা সমস্যা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰে দলকেইটাই (ASDC concern over border problem) ।

উল্লেখ্য, শেহতীয়াভাৱে পশ্চিম কাৰ্বি আংলঙৰ মেঘালয় সীমান্তৰ মুক্র'ত সংঘটিত ভয়ংকৰ আক্ৰমণৰ পিছত উদ্বিগ্ন হৈ পৰিছে ASDC, KNCA আৰু KSA (KNCA concern over Mukro incident) । সোমবাৰে সংগঠন তিনিটাই ডিফুৰ ASDC কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি এই কথা সদৰী কৰে (KSA joint press meet in Diphu) ।

সংগঠনকেইটাৰ হৈ ASDC-ৰ প্ৰচাৰ সম্পাদক ডেনিয়েল টেৰনে কয়, ইতিমধ্যে সীমান্তৰ সমস্যা বিষয়ক লৈ সংগঠন তিনিটাৰ এটা সঁজাতী দলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah) আৰু কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিবলৈ বাহৰ পাতি থকাৰ সময়তে সংঘটিত হয় সীমান্তৰ এই অনাকাংক্ষিত দুৰ্ঘটনাটো (Central Minister Sarbananda Sonowal) ।

সীমান্ত সমস্যক লৈ উদ্বিগ্ন কাৰ্বি পাহাৰৰ তিনি সংগঠন

আনহাতে, এই বিষয়টোক লৈ সঁজাতী দলটোৱে সাংসদ হৰেনছিং বে', প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এক স্মাৰক-পত্ৰ প্ৰদান কৰে । মুক্ৰ'ৰ ঘটনা আন্তঃৰাজ্যিক সীমাবিবাদ হোৱাৰ বাবে বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি দাবী জনায় সঁজাতী দলটোৱে ।

এই ক্ষেত্ৰত চৰকাৰৰ ১৯৫১ চনৰ সীমা নিৰ্ধাৰণৰ নীতি মানি ল'বলৈ আৰু তাক শ্ৰদ্ধা জনাবলৈ সকলো পক্ষকে আহ্বান জনাইছে দলটোৱে । এই সন্দৰ্ভত সাংসদ হৰেনছিং বে' আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সঁজাতী দলটোক উক্ত সমস্যা সমাধানৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস দিয়া বুলিও জানিবলৈ দিয়ে ।

আনহাতে, সীমান্তত বেদখল আৰু অন্যান্য বিষয়ৰ বিৰুদ্ধে হামৰেণত ২৯ নৱেম্বৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে নেতাগৰাকায়ে । প্ৰতিবাদী কাৰ্যসূচীৰ পিছত পুনৰ যুটীয়া সঁজাতী দলটোৱে ১০-ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত নতুন দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাৎ কৰিব বুলিও জনায় ।

লগতে পঢ়ক :Ragging in Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত তিনিটাক আটক; পলাতক ৰাহুল ছেত্ৰী

ABOUT THE AUTHOR

...view details