অসম

assam

জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত টাইপাৰ বিক্ষোভ

By

Published : Sep 12, 2022, 3:52 PM IST

TAYPA Protest at Tinisukiya

টাই আহোম সকলক জনজাতিকৰণৰ মৰ্য্যাদা প্ৰদানৰ দাবীত দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰতিবাদৰ লগতে আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক জনাই আহিছে বহু আবেদন-নিবেদন । কিন্তু আজিকোপতি টাই আহোমসকলে লাভ নকৰিলে জনজাতিকৰণৰ মৰ্য্যাদা । ইয়াৰেই প্ৰতিবাদত তিনিচুকীয়াত টাই আহোম যুৱ পৰিষদৰ আন এক বিক্ষোভ কাৰ্যসূচী(TAYPA Protest in Tinsukia)।

তিনিচুকীয়া, ১২ছেপ্টেম্বৰ :ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত টাই আহোম যুৱ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী(TAYPA Protest at Tinisukiya)। টাই আহোমসকলক জনজাতিকৰণৰ লগতে স্বায়ত্ব শাসন প্ৰদান কৰা আৰু আহোম জাতি মুৰ্দাবাদ ধ্বনি দিয়া ব্যক্তিসকলক গ্ৰেপ্তাৰৰ দাবীত সংগঠনটোৰ(Tai Ahom Yuva Parishad)নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে(Tribal status of six ethnic communities of Assam)।

টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ প্ৰতিবাদকাৰীসকলে কয় যে চৰকাৰে জনজাতিকৰণৰ নামত আভুৱা ভাৰি আছে । চৰকাৰে জনজাতিকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদ অতি ভয়ংকৰ হ'ব বুলিও সকীয়নি প্ৰদান কৰে সংগঠনটোৱে । সোমবাৰে টাই আহোম যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়াৰ থানা চাৰিআলিত ইয়াৰ প্ৰতিবাদত পুনৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ।

জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত টাইপাৰ বিক্ষোভ

উল্লেখ্য় যে টাই আহোম সকলে যোৱা ৩০ বছৰ ধৰি ন্যায্যপ্ৰাপ্তিৰ বাবে কৰি অহা সংগ্ৰামৰ সুফল আজিও লাভ নকৰিলে । টাই আহোম সকলক জনজাতিকৰণৰ মৰ্য্যাদা প্ৰদানৰ দাবীত দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰতিবাদৰ লগতে আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক জনাই আহিছে বহু আবেদন-নিবেদন । কিন্তু আজিকোপতি টাই আহোমসকলে লাভ নকৰিলে জনজাতিকৰণৰ মৰ্য্যাদা । আনহাতে, চৰকাৰে স্বায়ত্ত শাসনো প্ৰদান নকৰিলে টাই আহোম আহোম সকলক ।

ইপিনে, কিছুদিন পূৰ্বে বিজেপিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই আহোম(TAYPA Protest against Angoorlata Deka) জাতি মূর্দাবাদ ধ্বনি দিয়াৰ সন্দৰ্ভত প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰাক লৈ সৰৱ হৈ পৰে টাই আহোম যুৱ পৰিষদ । এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আহোম সকলক মূর্দাবাদ ধ্বনি দিয়া ব্যক্তিসকলক গ্ৰেপ্তাৰৰ দাবী জনায় সংগঠনটোৱে ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাই আহোম যুৱ পৰিষদৰ সভাপতি বিজয় ৰাজকোঁৱৰে কয় যে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে টাই আহোম সকলৰ জনজাতিকৰণ, স্বায়ত্ত শাসন প্ৰদান আদি কেতবোৰ সমস্যাৰ সন্দৰ্ভত আলোচনাত মিলিত হৈ তেওঁলোকৰ সকলো সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু শাসনলৈ অহাৰ পিছতে দলটোৱে সকলো সমস্যাক আওকান কৰি আহিছে বুলি অভিযোগ তুলিছে টাই আহোম যুৱ পৰিষদৰ সভাপতিগৰাকীয়ে । ইফালে অতিশীঘ্ৰে তেওঁলোকৰ দাবীসমূহ চৰকাৰে যদি পূৰণ নকৰে তেন্তে অনাগত দিনত আহোম লেণ্ডৰ দাবীৰে সংগ্ৰামত পুনৰ নামি পৰিব বুলি হুংকাৰ দিয়ে সংগঠনটোৱে ।

লগতে পঢ়ক:অসাধু সাৰ ব্যৱসায়ীক সকিয়নী বিজেপি নেতাৰ

ABOUT THE AUTHOR

...view details