অসম

assam

Babu puja: ছৈখোৱা ধলাৰ ঐতিহাসিক কেঁচা খাইটী শালৰ বাবু পূজা সম্পন্ন

By

Published : Dec 11, 2022, 2:01 PM IST

Updated : Dec 11, 2022, 2:07 PM IST

historic babu puja at dhola

তিনিচুকীয়া জিলাৰ ছৈখোৱা ধলাৰ ঐতিহাসিক কেঁচা খাইটী শালত অনুষ্ঠিত কৰা হয় বাবু পূজা(Historic Kesai Khaiti Shaal of Tinsukia) । প্ৰতি বছৰৰ দৰে এইবাৰো ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ দেওবাৰে অনুষ্ঠিত কৰা হয় বাবু পূজা (Historic Babu Puja at Dhola) । বাবু পূজাত উপস্থিত হৈ সেৱা ল'লে শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই ।

ছৈখোৱা ধলাৰ ঐতিহাসিক কেঁচা খাইটী শালৰ বাবু পূজা সম্পন্ন

শদিয়া,১১ ডিচেম্বৰ:প্ৰতি বছৰৰ দৰে এইবাৰো তিনিচুকীয়াৰ ছৈখোৱা কেঁচা খাইটী গোসাঁনী আই শালত অনুষ্ঠিত কৰা হয় বাবু পূজা(Historic Kesai Khaiti Shaal of Tinsukia) ৷ ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ দেওবাৰে বাবু পূজা অনুষ্ঠিত কৰে ৷ ভক্তগণে এই গোসাঁনী আই শালত পূজা অৰ্চনা কৰি ভোজ খায় ৷ ভক্ত সকলৰ মনৰ কামনাৰ সিদ্ধিৰ বাবে হাঁহ, ছাগলী বলি দিয়ে আৰু পাৰ এহাল উৰুৱাই ৷ এই পূজাত পুৱতি নিশাৰ পৰা বন্তি প্ৰজ্বলন আৰম্ভ হোৱাৰ লগতে পুৱা ৮ বজাৰ পৰা বলি আৰম্ভ হয় ৷ হাজাৰ হাজাৰ ভক্তগণৰ উপস্থিতিত উদুলি মুদুলি হৈ পাৰে শালৰ বাকৰি । ভূপেন হাজৰিকা সেঁতুৰ কাষতে বহ্মপুত্ৰৰ পাৰত সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই শাল ৷

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তিনিচুকীয়া জিলাৰ ছৈখোৱা ধলাৰ ঐতিহাসিক কেঁচা খাইটী শালৰ বাবু পূজাত সমাগম ঘটে লাখ লাখ ভক্তৰ(Historic Babu Puja at Dhola) ৷ বাবু পূজা পূজাস্থলীত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ আগমন ঘটে ৷ ঐতিহ্যমণ্ডিত শদিয়াৰ ঐতিহাসিক চাৰিশাল গোঁসানীৰ ভিতৰত অন্যতম এই কেঁচা খাইটী শাল ৷ বছৰত চাৰিবাৰ শালৰ দ্বাৰ ভক্ত সকলৰ বাবে মুকলি কৰা হয় ৷ প্ৰতি বছৰৰ বহাগ, কাতি, আঘোন আৰু মাঘ মাহত মুকলি কৰা হয় শালৰ মূল দ্বাৰ ৷ ইয়াৰ ভিতৰত আঘোন মাহত সম্পন্ন হোৱা বাবু পূজাত অত্যাধিক ভক্তৰ আগমন হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি আঘোন মাহৰ দ্বিতীয় দেওবাৰে অনুষ্ঠিত কৰা এই বাবু পূজা মূলত চাহ বাগিছাৰ চাহাব, বাবু সকলৰ বাবে আৰম্ভ কৰা হৈছিল ৷ যিহেতু চাহ বাগিছাৰ বাবু সকলে দেওবাৰৰ বাহিৰে অন্য বাৰত আজৰি নাপায় ৷ সেই গতিকে বাবু সকলৰ বাবে আঘোন মাহৰ দ্বিতীয় দেওবাৰত এই পূজা ভাগ আৰম্ভ কৰে ৷ পূৰ্ব প্ৰচলিত এই পূজাত বৰ্তমান লাখ লাখ ভক্তৰ আগমন হয় ৷ এটা দিনৰ বাবে মেলাসদৃশ পৰিৱেশ গঢ় লৈ উঠে কেঁচা খাইটী শাল প্ৰাংগনৰ লগতে সমগ্ৰ ধলা অঞ্চল ৷

জনবিশ্বাস অনুসৰি শুদ্ধ মনেৰে সেৱা অৰ্চনা কৰিলে ভক্তৰ মনোকামনা পূৰ্ণ হয় এই বাবু পূজাত ৷ আন বৰ্ষসমূহৰ দৰে এইবাৰো এই পূজাত শদিয়া আৰক্ষী, জিলা প্ৰশাসনে পূৰ্ণ সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয় ৷ ইফালে দেওবাৰে পুৱাই এই বাবু পূজা স্থলীত শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া(MLA Bolin Chetia) উপস্থিত হৈ পূজা আৰ্চনা কৰে । সালত সেৱা জনাই সকলোৰে মংগল কামনা কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:Hauri lua tradition of Assam : শিলপুটাত আঘোণী পথাৰত জাক জাক দাৱনীয়ে লৈছে হাউৰি

Last Updated :Dec 11, 2022, 2:07 PM IST

ABOUT THE AUTHOR

...view details