অসম

assam

Women self defence training: তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰীৰ আত্মৰক্ষাৰ বিশেষ প্ৰশিক্ষণ

By

Published : Nov 12, 2022, 2:12 PM IST

martial arts training

তেজপুৰ বিশ্ববিদ্যালয়ত আত্মৰক্ষাৰ প্ৰশিক্ষণত ব্যস্ত এদল ছাত্ৰী (Women self defence training at Tezpur)। দিল্লীৰ প্ৰভাচৰণ কৌৰৰ নেতৃত্বত আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে । প্ৰশিক্ষক প্ৰভাচৰণ কৌৰে কয় যে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ এনে প্ৰশিক্ষণৰ প্ৰয়োজন ।

তেজপুৰ, ১২ নৱেম্বৰ: তেজপুৰত এদল বিশ্ববিদ্যালয়ৰ ছাত্ৰী ব্যস্ত হৈছে আত্মৰক্ষাৰ প্ৰশিক্ষণত (Training in self defence at Tezpur)। সন্ধিয়া মুকলি আকাশৰ তলত প্ৰশিক্ষণ লৈছে এই বিশেষ প্ৰশিক্ষণ । নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰক্ষা কৱছ হিচাপে এনেধৰণে বিশেষ প্ৰশিক্ষণৰ ব্য়ৱস্থা কৰা বুলি সদৰী কৰিছে উদ্য়োক্তাসকলে ।

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰীৰ আত্মৰক্ষাৰ বিশেষ প্ৰশিক্ষণ

উল্লেখ্য় যে মহিলাৰ আত্মৰক্ষাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী চেন্টাৰৰ উইমেন ষ্টাডিজৰ উদ্য়োগত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে (Women Studies at Chandraprabha Saikiani Centre)। তেজপুৰ বিশ্ববিদ্যালয়ত শুক্ৰবাৰে সন্ধিয়াৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ (Training in self-defence at Tezpur University)।

উক্ত মহিলা সুৰক্ষা কাৰ্যসূচীৰ উদ্বোধন কৰে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসে (Additional Superintendent of Police of Sonitpur)। এই কাৰ্যসূচীৰ উদ্বোধন কৰি তেওঁ কয় যে ছাত্ৰী আৰু মহিলাই সাধাৰণতে অকলশৰীয়া অৱস্থাত বিপদত পৰা দেখা যায় । সেইবাবে যি কোনো বিপদত অকলশৰে সন্মুখীন হ'বলৈ এই আত্মৰক্ষাৰ প্ৰশিক্ষণৰ বিশেষ প্ৰয়োজন আছে বুলি কয় অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ।

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰীৰ আত্মৰক্ষাৰ বিশেষ প্ৰশিক্ষণ

৬০ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰত ছাত্ৰীসকলৰ ভৱিষ্যতে প্ৰয়োজনীয় মাৰ্চিয়েল আৰ্টৰ এক অংশ 'চেল্ফ ডিফেঞ্চ' কৌশলৰ প্ৰশিক্ষণ দিয়া হয় (Training in martial arts at Tezpur)। দিল্লীৰ প্ৰভাচৰণ কৌৰৰ নেতৃত্বত আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে । প্ৰভাচৰণ কৌৰে তেওঁলোকক আত্মৰক্ষাৰ পদ্ধতি সমূহ অবলম্বন কৰিবলৈ প্ৰশিক্ষণ দিয়ে । ছাত্ৰীসকলে যেতিয়াই অকলশৰীয়াকৈ বাহিৰত যি কোনো বিপদত পৰে সেই সময়ত তাৎক্ষণিক ভাৱে লব পৰা আত্মৰক্ষাৰ বাবে এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে ।

প্ৰশিক্ষক প্ৰভাচৰণ কৌৰে কয় যে বৰ্তমান সময়ত সকলোৱে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় । বিশেষকৈ মহিলাসকলে আত্মৰক্ষাৰ বাবে সমৰ কলাতো পাকৈত হ'ব লাগিব বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক:Mandarin language training in Arunachal: অৰুণাচলৰ ১৬ জন আৰক্ষী বিষয়াক চীনা ভাষাৰ প্ৰশিক্ষণ

ABOUT THE AUTHOR

...view details