Mandarin language training in Arunachal: অৰুণাচলৰ ১৬ জন আৰক্ষী বিষয়াক চীনা ভাষাৰ প্ৰশিক্ষণ

author img

By

Published : Nov 12, 2022, 9:55 AM IST

Rashtriya Raksha University

অৰুণাচল প্ৰদেশৰ ১৬ জন আৰক্ষী বিষয়াক প্ৰথমবাৰৰ বাবে চীনা ভাষা(Chinese Language) অৰ্থাৎ মাণ্ডাৰিন ভাষাৰ প্ৰশিক্ষণ ৷ ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ পাছিঘাট শাখাই প্ৰদান কৰে এই প্ৰশিক্ষণ ৷ অৰুণাচল চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি পাছিঘাটত স্থাপন কৰা হৈছিল ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ পাছিঘাট শাখা(Rashtriya Raksha University) ৷

তেজপুৰ, ১১ নৱেম্বৰ: ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ে(Rashtriya Raksha University) অৰুণাচল প্ৰদেশৰ ১৬ জন আৰক্ষী বিষয়াক চীনা ভাষা(Chinese Language) অৰ্থাৎ মাণ্ডাৰিন ভাষাৰ প্ৰশিক্ষণ দিয়া কাম সম্পূৰ্ণ কৰিছে ৷ ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ে পোন প্ৰথমবাৰৰ বাবে আৰক্ষী বিষয়াৰ ক্ষেত্ৰত এই পদক্ষেপ লোৱা দেখা গৈছে । চলিত বৰ্ষৰ মে’ মাহত গৃহমন্ত্ৰী অমিত শ্বাহে এই পাছিঘাট কেম্পাছটো মুকলি কৰিছিল ।

Rashtriya Raksha University
অৰুণাচলৰ ১৬ জন আৰক্ষী বিষয়াক চীনা ভাষাৰ প্ৰশিক্ষণ সম্পূৰ্ণ

ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ পাছিঘাট কেম্পাছৰ সঞ্চালক অবিনাশ খাৰেলে(Rashtriya Raksha University Director Avinash Kharel) ই টিভি ভাৰতক কয়- "ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ উদ্দেশ্য হৈছে সামগ্ৰিক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে সামগ্ৰিক নিৰাপত্তা আৰু কৌশলগত শিক্ষা প্ৰদান কৰা । অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি পাছিঘাটত আমাৰ শাখা স্থাপন কৰিছো । ইতিমধ্যে আমি সীমান্ত অঞ্চলত নিয়োজিত ১৬ জন অৰুণাচল আৰক্ষী বিষয়াক চীনা ভাষাত প্ৰশিক্ষণ দিছো(Arunachal police officer) ৷”

ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ পাছিঘাট কেম্পাছৰ সঞ্চালক অবিনাশ খাৰেলে

খাৰেলে আৰু কয় যে অৰুণাচল আৰক্ষীৰ ১৬ জন ডেপুটি এছ পিৰ দুসপ্তাহৰ প্ৰশিক্ষণ কাৰ্যসূচী আধুনিক পুলিচিঙৰ এক অংশ আছিল আৰু এইটো ভাষা প্ৰশিক্ষণ কাৰ্যসূচীৰ এটা অংশ । উল্লেখযোগ্য যে ভাষাৰ সমস্যাৰ বাবে ভাৰত আৰু চীনৰ তহলদাৰী ইউনিটৰ মাজত কেইবাটাও মুখামুখি হতাহতিৰ ঘটনা (ষ্টেণ্ডঅফ আৰু ফেচঅফ) হোৱা দেখা গৈছে। এই প্ৰশিক্ষণে চোৰাংচোৱা নিয়োগতো সহায় কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ।

Rashtriya Raksha University
অৰুণাচলৰ ১৬ জন আৰক্ষী বিষয়াক চীনা ভাষাৰ প্ৰশিক্ষণ সম্পূৰ্ণ

অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত বিগত সময়ত ভাৰতীয় সেনাৰ লগত চীনা সৈন্যৰ মুখামুখি হোৱাৰ তথ্য চৰকাৰীভাৱে প্ৰকাশ পাই আহিছে । তাৰ পিছত এই ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰে । সীমান্ত অঞ্চলত ভাষাৰ জ্ঞান আৰু আদান প্ৰদানৰ বাবে প্ৰশাসনিক বিষয়াসকলকো ইয়াত সাঙুৰি লোৱা হৈছে ।

আনহাতে আই টি বি পিৰ সৈতে ভাৰতীয় সেনা চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি) পহৰা দিয়াৰ মূল দায়িত্বত আছে । কাৰণ ৩,৪৮৮ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-চীন সীমান্তত মোতায়েন কৰা হৈছে আই টি বি পিৰ জোৱান । লাডাখ, হিমাচল প্ৰদেশ, ছিকিম আৰু অৰুণাচলৰ সীমা চীনৰ সৈতে সংযোগ হৈ আছে ।

Rashtriya Raksha University
অৰুণাচলৰ ১৬ জন আৰক্ষী বিষয়াক চীনা ভাষাৰ প্ৰশিক্ষণ সম্পূৰ্ণ

২০২০ চনত চীন আৰু ভাৰতীয় বাহিনীৰ মাজত সামৰিক ষ্টেণ্ডঅফ আৰু সংঘৰ্ষ হৈছিল । লাডাখত সংঘটিত হোৱা হিংসাত্মক সংঘৰ্ষত এজন কৰ্ণেলকে ধৰি ২০ জন জোৱান নিহত হৈছিল । ভাৰত আৰু চীনৰ বাহিনীয়ে শেহতীয়াকৈ বিচ্ছিন্নতা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে যদিও বিবাদ অব্যাহত আছে ৷ চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে দেপছাং সমভূমি আৰু চাৰ্ডিং নালাৰ LOCৰ কাষৰ পৰম্পৰাগত তহলদাৰী অঞ্চলত ভাৰতৰ প্ৰৱেশত বাধা দি আহিছে ।

লগতে পঢ়ক: Bharat Jodo Yatra: 50 শতাংশ আসনত বিজেপিক খিলঞ্জীয়া ভূমিপুত্ৰসকলে হৰুৱাই দিলে: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.