ETV Bharat / state

Bharat Jodo Yatra: DAC নিৰ্বাচনত 50 শতাংশ আসনত খিলঞ্জীয়া ভূমিপুত্ৰই হৰুৱালে বিজেপিক: ভূপেন বৰা

author img

By

Published : Nov 12, 2022, 7:15 AM IST

Updated : Nov 12, 2022, 6:43 PM IST

Bhupen Bora slams BJP in Bharat jodo yatra in Barpeta
Bharat Jodo Yatra: 50 শতাংশত আসনত বিজেপিক খিলঞ্জীয়া ভূমিপুত্ৰসকলে হৰুৱাই দিলে- ভূপেন বৰা

ৰাজ্যত চলি থকা ভাৰত জোড়ো যাত্ৰাৰ বিষয়ে অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব ৷ এয়া অসমৰ ৰাজনৈতিক পথ পৰিৱৰ্তনৰ ইংগিত (Congress Bharat Jodo Yatra)। শুকুৰবাৰে এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President Bhupen Bora)৷

বৰপেটা, 12 নৱেম্বৰ: "একেই উৎসাহ, একেই প্ৰেৰণা, একেই আশীৰ্বাদ, একেই যাত্ৰা, শদিয়ালৈ অব্যাহত থাকিব ৷ দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে শেষ মুহুৰ্তলৈকে ধন বিলাইছিল, 100 শতাংশ আসন জিকিম বুলি কৈছিল ৷ কিন্তু 50 শতাংশ আসনত বিজেপিক খিলঞ্জীয়া ভূমিপুত্ৰসকলে হৰুৱাই দিলে ৷ বিজেপিৰ ভেঁটিত গৰাখহনীয়া আৰম্ভ হৈছে ৷ বিজেপিৰ সাম্প্ৰদায়িকৰ বিভাজনৰ যি ৰাজনীতি ইয়াত সাৰ পানী যোগোৱা কাম কৰিছে এ আই ইউ ডি এফে ৷ গতিকে গছো কাটিব লাগিব আৰু গছৰ গুৰিত সাৰ পানী যোগান ধৰা সকলকো দুৰ্বল কৰিব লাগিব ৷

এই ভাৰত জোড়ো যাত্ৰা অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব ৷ এয়া অসমৰ ৰাজনৈতিক পথ পৰিৱৰ্তনৰ ইংগিত ৷ বিৰোধীসকলেও আমাক যিমান সমালোচনা কৰে, যিমান শিল-বৰষুণ দিয়ে, ৰ’দ দিয়ে আমি সকলো শিৰ পাতি লৈ গৈ থাকিম ৷" বৰপেটাৰ ভেল্লাৰ পৰা চেঙালৈ কৰা ভাৰত জোড়ো যাত্ৰাত শুকুৰবাৰে এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President Bhupen Bora) ৷

Bharat Jodo Yatra: 50 শতাংশত আসনত বিজেপিক খিলঞ্জীয়া ভূমিপুত্ৰসকলে হৰুৱাই দিলে- ভূপেন বৰা

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰা অব্যাহত আছে (Congress Bharat Jodo Yatra)। সমান্তৰালকৈ বিভিন্ন ৰাজ্যত প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰাৰ । অসমতো প্ৰদেশ কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছে । আজি অসমত এই যাত্ৰাই দ্বাদশ দিনত ভৰি দিছে (Congress Bharat Jodo Yatra in Assam)। যোৱা 1 নৱেম্বৰত ধুবুৰীৰ পৰা শদিয়া অভিমুখে আৰম্ভ হৈছিল এই যাত্ৰা ৷ মা আমি শদিয়ালৈ যামেই, মা আমি শতফুল খামেই.... গীতেৰ কলিৰে সংবাদমাধ্যমৰ সন্মুখত নিজৰ সুখ ব্যক্ত কৰে নেতাগৰাকীয়ে ৷

ইফালে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (APCC Working President Rana Goswami) কয় যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই এই ঐতিহাসিক ৰূপ লৈছে ৷ ইয়াত লাখ লাখ মানুহে যোগদান কৰিছে ৷ ৰাজ্য চৰকাৰে যি ধনী-দুখীয়া, জাত-পাতৰ মাজত বিভাজন আনিছে এই সমূহ দূৰ কৰি যাতে এক উন্নয়নমূলক বাতাবৰণেৰে চৰকাৰে কাম কৰে ৷ এই সমন্বয় যাত্ৰা এক ঐতিহাসিক যাত্ৰা হিচাপে অসমৰ ৰাজনীতিত লিখা থাকিব বুলিও তেওঁ কয় ৷

লগতে পঢ়ক: Congress Bharat Jodo Yatra: জনীয়াত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত ভূপেন বৰাৰ বিস্ফোৰণ

Last Updated :Nov 12, 2022, 6:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.