অসম

assam

অৰুণাচলত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত এজন পাইলট নিহত

By

Published : Oct 5, 2022, 6:46 PM IST

Updated : Oct 5, 2022, 7:11 PM IST

Indian Army
Indian Army ()

অৰুণাচল প্ৰদেশৰ লুম্ফুৰ ভাৰত-চীন সীমান্তত সেনাৰ চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত (Indian Army helicopter crashed in Arunachal) । দুৰ্ঘটনাত এজন পাইলট নিহত । আহত আন এজন ।

তেজপুৰ, ৫ অক্টোবৰ : ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে (Indian Army helicopter crashed) । ভাৰত-চীন সীমান্তত অৰুণাচল প্ৰদেশৰ টাৱাঙত সংঘটিত হয় এই দুৰ্ঘটনাটো । তেজপুৰস্থিত প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এ এছ ৱালিয়াই এই তথ্য সদৰী কৰে । উক্ত দুৰ্ঘটানত দুজন পাইলটক আঘাতপ্ৰাপ্ত অৱস্থাত সেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

কিন্তু পৰৱৰ্তী সময়ত লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে (Indian Army pilot killed in helicopter crashed) । জানিব পৰা মতে, সেনা বাহিনীৰ চিতা (Indian Army cheetah helicopter crashed) হেলিকপ্টাৰখনে দৈনন্দিন উৰণৰ এক অংশ হিচাপে সেনাৰ লুম্ফু বেছৰ পৰা উৰা মাৰিছিল ।

অৰুণাচলত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত এজন পাইলট নিহত

উৰণৰ কিছু সময় পিছত ন্যামগ্যাঙচু নদীৰ সংযোগী দলঙৰ (BTK)ৰ কাষত এজোপা গছৰত খুন্দা মাৰি কাষৰ শিলাময় ঠাইত পৰে । সেনাৰ দলে ততাতৈয়াকৈ খিৰমুৰ সেনাৰ বেছ হাস্পতাললৈ দুয়োকে প্ৰেৰণ কৰে । দুৰ্ঘটনাৰ সময়ত দয়োজন পাইলটে হেলিকপ্টাৰৰ পৰা পৰি যায় আৰু আঘাতপ্ৰাপ্ত হয় (Indian Army helicopter crashed in Arunachal) ।

সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী লে. জেনেৰেল ৰানা প্ৰতাপ কলিতাই অৰুণাচল প্ৰদেশৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত লে. কৰ্ণেল সৌৰভ যাদৱৰ মৃত্যুত শোক প্ৰকাশ কৰে । নিজৰ দায়িত্বত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সেনা বিষয়া জনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লে. জেনেৰেল কলিতাই ।

উল্লেখ্য, ন্যামগ্যাঙচু নদী তিব্বতৰ পাদদেশৰ পৰা অহা নদী । পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ সদৰৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দূৰত্বত এই ঘটনা সংঘটিত হয় । জানিব পৰা মতে, উক্ত দুৰ্ঘটনাটো বুধবাৰে পুৱা ১০ বজাত সংঘটিত হয় । সেনাৰ সূত্ৰত প্ৰকাশ যে বৰ্তমানলৈকে দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই । উল্লেখ্য, এই অঞ্চলসমূহ অতি উচ্চ পাহাৰৰ দুৰ্গম অঞ্চল আৰু বতৰ প্ৰায়ে সলনি হৈ থাকে ।

আনহাতে, উক্ত অঞ্চলৰ পৰা জেমিথাঙলৈ এৰিয়েল দূৰত্ব মাত্ৰ ১০ মিনিট । উল্লেখযোগ্য যে সেনাৰ তৰফৰ পৰা পাইলট দুগৰাকীৰ সবিশেষ তথ্য জনোৱা হোৱা নাই । চিতা হেলিকপ্টাৰ হৈছে অতি উচ্চতাত ব্যৱহাৰ কৰা বায়ুসেনাৰ হেলিকপ্টাৰ । বৰ্তমান ভাৰতীয় সেনাই অতি সংবেদনশীল পাহাৰীয়া অঞ্চলত এই হেলিকপ্টাৰ ১৯০ খন ব্যৱহাৰ কৰি আছে । এই হেলিকপ্টাৰ ৫০ বছৰ পুৰণি ।

লগতে পঢ়ক :দশেৰা উপলক্ষে প্ৰতিক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অস্ত্ৰ পূজা

Last Updated :Oct 5, 2022, 7:11 PM IST

ABOUT THE AUTHOR

...view details