অসম

assam

Ashok Singhal on Badaruddin Ajmal : এইবাৰ অশোক সিংহলৰ মুখত 'হু ইজ বদৰুদ্দিন'

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 8:23 PM IST

এইবাৰ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ প্ৰশ্ন, "হু ইজ বদৰুদ্দিন আজমল ?" তেজপুৰত আজমলক লৈ সোধা এক প্ৰশ্নৰ উত্তৰত অশোক সিংহলে ওলোটাই এই প্ৰশ্ন কৰে ।

এইবাৰ অশোক সিংহলৰ মুখত 'হু ইজ বদৰুদ্দিন'
Ashok Singhal on Badaruddin Ajmal

বদৰুদ্দিন আজমল সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ মন্তব্য

তেজপুৰ, ৬ নৱেম্বৰ : বদৰুদ্দিন আজমল আৰু বিতৰ্ক, এটা মুদ্ৰাৰে যেন ইপিঠি আৰু সিপিঠি । শেহতীয়াভাৱে বদৰুদ্দিন আজমলৰ আন এটা মন্তব্যৰ বাবে ৰাজ্যৰ ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে । যাৰ বাবে বিৰোধী দল বিশেষকৈ বিজেপিয়ে বদৰুদ্দিন আজমলক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে ।

আনহাতে, আজমলৰ দল এআইইউডিএফৰ লগত কংগ্ৰেছৰ সম্পৰ্কৰ কথা উল্লেখ কৰি এই বিতৰ্কত কংগ্ৰেছকো টানি আনিছে বিজেপিয়ে । ইয়াৰ বিপৰীতে কংগ্ৰেছেও আজমল-বিজেপিৰ সম্পৰ্কক লৈ প্ৰত্যাক্ৰমণ কৰিছে । ইয়াৰ মাজতে বদৰুদ্দিন আজমলক লৈ এইবাৰ প্ৰশ্ন নিক্ষেপ ঢেকীয়াজুলিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলৰ ।

এইবাৰ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ প্ৰশ্ন, "হু ইজ বদৰুদ্দিন আজমল ?" তেজপুৰত আজমলক লৈ সোধা এক প্ৰশ্নৰ উত্তৰত অশোক সিংহলে ওলোটাই এই প্ৰশ্ন কৰে । উল্লেখ্য যে বদৰুদ্দিন আজমলৰ শেহতীয়া মন্তব্যৰ পিছতেই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

আনহাতে, বদৰুদ্দিন আজমলৰ এই মন্তব্যৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গ্ৰেপ্তাৰ কৰিব নালাগে, আজমলক ৰাজনৈতিকভাৱে ধ্বংস কৰিব লাগে । মন্ত্ৰী সিংহলে কয় যে অসমৰ মানুহে এতিয়া আজমলৰ বিৰুদ্ধে উঠিপৰি লাগিব লাগে । কাৰণ 'পথাৰ আমাৰ আৰু বজাৰ আমাৰ' আৰু সেয়া আমাৰ দখলত ৰাখিব লাগে ।

আনহাতে, বদৰুদ্দিন আজমল বিজেপিৰ ট্ৰাম কাৰ্ড নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত অশোক সিংহলে মন্তব্য কৰে যে আজমলে মাত্ৰ এখন আসনতে হুলস্থুল লগাই আছে । তেওঁ লগতে মন্তব্য কৰে যে অসমৰ উন্নয়ন সাধন কৰিবলৈ সকলোৱে মিলি উৎপাদনৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব । ইয়াৰ দ্বাৰা আগন্তুক সময়ছোৱাত নিজকে অধিক উন্নয়নৰ পথত আগবঢ়াই নিব পাৰিব বুলিও তেওঁ মন্তব্য কৰে ।

উল্লেখ্য যে সোমবাৰে বিয়লি শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বসুন্ধৰা ২.০-ৰ এক বৈঠকত অংশগ্ৰহণ কৰি জিলাখনৰ ভূমি আৱণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক :Nameri National Park : পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ’ল নামেৰী ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details