অসম

assam

Militant surrender in Manipur : সেনা প্ৰধানৰ ভ্ৰমণৰ পূৰ্বে মণিপুৰত ৫ উগ্ৰপন্থীৰ আত্মসমৰ্পণ

By

Published : May 27, 2023, 7:56 PM IST

Militant surrender in Manipur

মণিপুৰত উপস্থিত সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে (Army Chief Manipur visit)। সেনা প্ৰধানগৰাকীৰ এই ভ্ৰমণৰ পূৰ্বে ৫ কেচিপি কেডাৰৰ আত্মসমৰ্পণ । সেনা আৰু অসম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে কেডাৰকেইজনে ।

তেজপুৰ,২৭ মে' :মণিপুৰৰ উখৰুল জিলাৰ সোমচাইত অসম ৰাইফলছ আৰু আৰক্ষীৰ উপস্থিতিত কেচিপি (পিডব্লিউজি)ৰ ৫ কেডাৰে আত্মসমৰ্পণ কৰে (KCP PWG cadre surrendered)। অসম ৰাইফলছে দীৰ্ঘদিন ধৰি সংগঠনটোৰ সদস্যসকলৰ সৈতে আলোচনা কৰাৰ লগতে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি অহাৰ বাবে আহ্বান জনাই আহিছিল ।

কেডাৰকেইজনে তিনিটা পিষ্টল, তিনিটা মেগজিন আৰু ১৯ টা .২২ গুলীৰ সৈতে আত্মসমৰ্পণ কৰে । উল্লেখ্য যে কাংলেইপাক কমিউনিষ্ট পাৰ্টি -পিপলছ ৱাৰ গ্ৰুপ অন্যতম বিদ্ৰোহী সংগঠন । সংগঠনটোৱে ১৯৪৮ চনত মণিপুৰৰ সাৰ্বভৌমত্বৰ দাবীত বিদ্ৰোহ ঘোষণা কৰিছিল ।

আত্মসমৰ্পণ কৰা কেডাৰসকলক চৰকাৰে আয়োজিত কৰা আনুষ্ঠানিক আত্মসমৰ্পণ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে । ইফালে সেনা আৰু অসম ৰাইফলছে মণিপুৰত পুৱাৰে পৰা কাংচুক, মটবুং, চাইকুল, পুখাও চাগোলমাং অঞ্চলত সক্ৰিয় হৈ থকা যিকোনো সশস্ত্ৰ বিদ্ৰোহীৰ বিৰুদ্ধে একাধিক অভিযান আৰম্ভ কৰিছে (Manipur violence)। এই অভিযানবোৰ মণিপুৰৰ সাম্প্ৰতিক অৱস্থাৰ পুনৰুদ্ধাৰৰ বাবে সেনা আৰু অসম ৰাইফলছৰ সামগ্ৰিক প্ৰচেষ্টাৰ অংশ । সেনাৰ দলসমূহে পাহাৰীয়া অঞ্চলত অভিযান অব্যাহত ৰাখিছে ।

ইয়াৰ মাজতে নিশা সেনা আৰু অসম ৰাইফলছে মণিপুৰৰ হিংসা প্ৰতিহত কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইফালে সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেয়ে মণিপুৰত দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছে (Army Chief visit Manipur)। ভ্ৰমণকালত সেনা প্ৰধানগৰাকীয়ে বিভিন্ন স্থান পৰিদৰ্শন কৰিব আৰু তেওঁ স্থানীয় কমাণ্ডাৰসকলৰ সৈতে বাৰ্তালাপ কৰিব । তেওঁ সেনা বাহিনীৰ সৈতেও বাৰ্তালাপ কৰিব ।

২৮ মে'ত তেওঁ মণিপুৰৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু মণিপুৰৰ মুখ্য নিৰাপত্তা উপদেষ্টা কুলদিপ সিঙক সাক্ষাৎ কৰি সাম্প্ৰতিক পৰিস্থিতি আৰু ভৱিষ্যতৰ ৰণনীতি সম্পৰ্কে আলোচনা কৰিব । মণিপুৰৰ আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতিৰ বাবে প্ৰশাসনে যোৱা ৩ মে'ৰ পৰা সেনা আৰু অসম ৰাইফলছৰ সহায় বিচাৰিছিল ।

তাৎক্ষণিকভাৱে সেনা আৰু অসম ৰাইফলছে স্পৰ্শকাতৰ আৰু প্ৰান্তীয় অঞ্চলবোৰত সক্ৰিয় আধিপত্য বিস্তাৰ কৰি পৰিস্থিতি বিস্তাৰ কৰিবলৈ ১৩৫ টা প্লেটুন মোতায়েন কৰিছিল । প্ৰায় ৩৫,০০০ সাধাৰণ নাগৰিকক সুৰক্ষিত অঞ্চললৈ স্থানান্তৰ কৰা হৈছিল ।

লগতে পঢ়ক :Violation hit Manipur : মণিপুৰৰ 38 টা স্পৰ্শকাতৰ এলেকাত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন

ABOUT THE AUTHOR

...view details