অসম

assam

তেজপুৰত পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫২ সংখ্যক জন্মবাৰ্ষিকী উদযাপন

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 12:48 PM IST

আজি পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫২ সংখ্যক জন্মবাৰ্ষিকী ৷ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি তেজপুৰ পৌৰসভাৰ গাড়ী ৰখা স্থানত থকা পদ্মনাথ গোহাঞি বৰুৱাৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰৰ বহু লোক উপস্থিত থাকে (Birth Anniversary of Padmanath Gohain Baruah)৷

Birth Anniversary of Padmanath Gohain Baruah
পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫২ সংখ্যক জন্মবাৰ্ষিকী

পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫২ সংখ্যক জন্মবাৰ্ষিকী

তেজপুৰ, ১৬ ডিচেম্বৰ : সাহিত্যৰ কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰতিষ্ঠাপক সম্পাদক তথা তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাৰ আজি ১৫২ সংখ্যক ওপজা দিন ৷ পদ্মনাথ গোহাঞি বৰুৱাৰ জন্মবাৰ্ষিকী উপলক্ষে আজি অৰ্থাৎ শনিবাৰে পুৱাই তেজপুৰ পৌৰসভাৰ গাড়ী ৰখা স্থানত থকা তেওঁৰ আবক্ষ মূৰ্তিত বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া, বিশিষ্ট ব্যক্তিৰ লগতে পৰিয়ালৰ সদস্যসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

বাণ থিয়েটাৰৰ উদ্যোগত অসমীয়া ভাষা উন্নতি সাধিনী সভা, অসমীয়া ক্লাৱ, তেজপুৰ লেখিকা সমাৰোহ সমিতি, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভা, শোণিতপুৰ জিলা সাহিত্য সভা, তেজপুৰ সাহিত্য সভাৰ লগতে তেজপুৰ পৌৰসভাৰ যৌথ সহযোগত দিনজোৰাকৈ অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ তদুপৰি পদ্মনাথ গোহাঞি বৰুৱাৰ জন্মবাৰ্ষিকী উপলক্ষে স্মৃতিচাৰণ, গ্ৰন্থ উন্মোচনী আৰু বিশেষ বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হয় ৷

পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫২ সংখ্যক জন্মবাৰ্ষিকী

এই অনুষ্ঠানৰ প্ৰথমটো কাৰ্যসূচী অনুসৰি পদ্মনাথ গোহাঞি বৰুৱাৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে সাহিত্য কাণ্ডাৰীগৰাকীৰ বোৱাৰী পৰি গোহাঞি বৰুৱা, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।

বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁতধৰা অনুষ্ঠানটিত উপস্থিত থাকে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট, তেজপুৰ পৌৰসভাৰ পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথ, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ সভাপতি ভূৱন চন্দ্ৰ গগৈ আৰু বিশিষ্ট সমাজকৰ্মী মৰমী শইকীয়া ৷

এওঁলোকৰ লগতে সাহিত্যৰ কাণ্ডাৰীগৰাকীৰ নাতি উদয় কৃষ্ণ গোহাঞি বৰুৱা, সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, বাণ থিয়েটাৰৰ উপসভাপতি দিলীপ বৰা, ভৱানন্দ দাস, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্ৰ বড়া, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দেৱব্ৰত শৰ্মা, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সম্পাদক জিন্টু বৰঠাকুৰ উপস্থিত থাকে ৷

লগতে বাণ থিয়েটাৰৰ মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, বিশিষ্ট চিত্ৰশিল্পী মৃগেন কলিতা, শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাস, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক শান্তনু বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকাও উপস্থিত থাকে ৷

এই অনুষ্ঠানতে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই সাহিত্য পদ্মনাথ গোহাঞি বৰুৱাৰ জীৱনৰ বিভিন্ন দিশ, সাহিত্য কৰ্ম আদিৰ ওপৰত আলোকপাত কৰে ।

লগতে পঢ়ক :মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুলাল গগৈক ৰিজাৰ্ভ ক্ল'জ

ABOUT THE AUTHOR

...view details