অসম

assam

Fake gold seized: শোণিতপুৰত আৰক্ষীৰ জালত ১২ নকল সোণ ব্যৱসায়ী

By

Published : May 20, 2023, 12:49 PM IST

12 fake gold smugglers in police trap in Sonitpur

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাছতেই পোহৰলৈ আহিল আন এক তথ্য । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে নকল সোণৰ বেহা । নকল সোণৰ ঘাটিলৈ ৰূপান্তৰ হৈছে উত্তৰ অসম । এনেবোৰ তথ্য পোহৰলৈ অহাৰ পাছতেই নকল সোণৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী (Assam Police against Fake Gold) ।

তেজপুৰ,২০ মে': নকল সোণৰ ঘাটিলৈ পৰিণত উত্তৰ অসম । ইতিমধ্যে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তত প্ৰমাণিত হৈছে এই তথ্য (Junmoni Rabha Accident Case) । সমান্তৰালভাৱে নকল সোণৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police against Fake Gold) । অসমৰ বিভিন্ন জিলাৰ পৰা নকল সোণৰ বেহাৰ লগত জড়িত মুঠ ৭১ জন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ।

এই তথ্য প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্যানেন্দ্ৰ প্ৰতাপ সিঙে (DGP GP Singh) । ইয়াৰ মাজতে অসম আৰক্ষীয়ে উত্তৰ অসমৰ লখিমপুৰ জিলাৰ পৰা ১০ টা, বিশ্বনাথৰ পৰা ১০ টা, শোণিতপুৰ জিলাৰ পৰা ১২ আৰু মৰিগাঁও জিলাৰ পৰা ৮ টা নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে (12 fake gold smugglers in police trap in Sonitpur) । লগতে জব্দ কৰিছ নগদ ৬ লাখ ৬০ হাজাৰ টকা (Fake gold seized)।

ইটিভি ভাৰতে শুকুৰবাৰে এক প্ৰতিবেদনত উল্লেখ কৰিছিল যে অপৰাধীৰ ৰম্যভূমি হিচাবে বিবেচিত হৈছে উত্তৰ অসমৰ কেবাখনো ঠাই । চৰ্চাৰ শীৰ্ষত আছিল লখিমপুৰৰ বঙালমৰা আৰু শোণিতপুৰৰ পাঁচমাইল । ইয়াৰ পিছতে অসম আৰক্ষী তৎপৰ হৈ শুকুৰবাৰে সকলো ঠাইতে অভিযান আৰম্ভ কৰে আৰু মুঠ ৭১ টা অপৰাধীক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষী সঞ্চালক প্ৰধানে জনায় ।

শনিবাৰে জোনমণি ৰাভাৰ গোচৰ চি বি আইক হস্তান্তৰ কৰাৰ ঘোষণা কৰি আৰক্ষী সঞ্চালক প্ৰধানে এই তথ্য প্ৰদান কৰে । ৩০ দিনৰ ভিতৰত নকল সোণৰ বেহা উৎখাত কৰাৰো আশ্বাস প্ৰদান কৰে DGP জি পি সিঙে । উল্লেখ্য যে, অসম আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱা অপৰাধৰ ৰম্যভূমিৰ তালিকাখনত জিলিকি আছে লখিমপুৰৰ বঙালমৰা (Fake Gold smuggler arrested in Assam) ৷

শেহতীয়াকৈ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাছতেই চৰ্চালৈ আহিছে বঙালমৰাৰ নাম ৷ কিয়নো জোনমণি ৰাভাৰ ঘটনাৰ লগত সাঙোৰ খাই পৰিছে একাধিক লোকৰ নাম । তদুপৰি বিগত বহু সময়তো বঙালমৰাৰ বহু নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ী আৰক্ষীৰ জালত পৰিছে ৷

ইফালে শোণিতপুৰৰ পাঁচমাইল অঞ্চলতো সঘনাই পোহৰলৈ আহিছে নকল সোণৰ বেহাৰ তথ্য । ১৮ মে' বৃহপতিবাৰে চাৰিদুৱাৰ আৰক্ষীয়ে প্ৰায় ১ কিলোগ্ৰাম নকল সোণ জব্দ কৰাৰ লগতে এটা নকল সোণ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পাছতে ধাৰাবাহিক অভিযান চলাই বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিছে ১২ টাকৈ নকল সোণ ব্যৱসায়ীক ।

লগতে পঢ়ক:State BJPs executive meeting:কলাক্ষেত্রত আৰম্ভ ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

ABOUT THE AUTHOR

...view details