State BJPs executive meeting:কলাক্ষেত্রত আৰম্ভ ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

author img

By

Published : May 20, 2023, 12:28 PM IST

State BJPs executive meeting in Guwahati

কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলৰ পিচতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশমৰ্মে ৰাজ্যিক বিজেপিৰ জৰুৰী কাৰ্যনিৰ্বাহক সভা । কলাক্ষেত্রত আয়োজিত সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সভাপতি ভৱেশ কলিতা, বিজেপিৰ উত্তৰ পূবৰ সমন্বয়ক সন্বিত পাত্ৰৰ লগতে দলৰ কাৰ্যকৰ্তাসকলৰ অংশগ্ৰহণ । আগন্তুক লোকসভা নিৰ্বাচনকলৈ বিশেষ ৰণকৌশল (Union Minister Sarbananda Sonowal)।

গুৱাহাটী, ২০ মে': আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটকৰ শোচনীয় পৰাজয়ে শাসকীয় দল বিজেপিক যথেষ্ট শংকিত কৰি তুলিছে । এনে প্রেক্ষাপটতে সম্প্ৰতি দেশৰ আন প্ৰান্তৰ লগতে অসমতো নতুন ৰণকৌশলেৰে অগ্ৰসৰ হ'বলৈ সাজু হৈছে বিজেপি । কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলৰ পিচতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশমৰ্মে ৰাজ্যিক বিজেপিয়ে জৰুৰীভাৱে আয়োজন কৰিছে বর্ধিত কাৰ্যনিৰ্বাহক সভা (State BJPs executive meeting in Guwahati)।

শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে এই কাৰ্যনিৰ্বাহক সভা (BJPs executive at Srimanta Sankardev Kalakshetra)। দীঘলীয়া এই সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সভাপতি ভৱেশ কলিতা, উত্তৰ পূবৰ সমন্বয়ক সম্বিত পাত্ৰৰ লগতে দলৰ কাৰ্যকৰ্তাসকলে অংশ গ্ৰহণ কৰিছে । পুৱা ৯.৩০ বজাত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দলীয় পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ আৰম্ভণি কৰে । উল্লেখ্য যে কার্যনির্বাহক সভাত ২০২৪ চনৰ লোকসভা নির্বাচনক লৈ বিস্তৃতভাৱে আলোচনা কৰা হৈছে । এই সভাত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ প্ৰভাৱ যাতে লোকসভাৰ নিৰ্বাচনত পৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হৈছে । লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৩০ মে'ৰ পৰা বিজেপিয়ে ৰাজ্যজুৰি আৰম্ভ কৰিব মহা জনসম্পৰ্ক অভিযান । এই মহা জনসম্পর্ক অভিযানে সামৰি ল'ব ৰাজ্যখনৰ সকলো হিতাধিকাৰীৰ লগতে সাধাৰণ জনতাক ।

বিজেপি কার্যকর্তাসকলে প্রতিজন হিতাধিকাৰীৰ বাসগৃহলৈ গৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি তথা কাম-কাজৰ বিষয়ে অৱগত কৰাৰ লগতে আগন্তুক সময়ত তেওঁলোকৰ পৰা সহায় আৰু সমর্থন বিচাৰিব (BJPs preparation of Lok Sabha Election)। কেৱল হিতাধিকাৰী বুলিয়েই নহয়, গাঁৱে-ভূঞে, চহৰে-নগৰে থকা প্ৰতিটো পৰিয়ালৰ ওচৰলৈ যাব বিজেপিৰ কাৰ্যকৰ্তা । ইয়াৰ বাবে কেইবাখনো কমিটী গঠন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াত থাকিব মন্ত্ৰী-বিধায়কৰ লগতে সাংসদ আৰু ৰাজ্যিক বিষয়ববীয়া । মহাসম্পর্ক অভিযানৰ জৰিয়তে বিজেপি কার্যকর্তাসকলে দলৰ পুৰণি নেতা-কৰ্মীৰ ঘৰলৈ গৈ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰিব । তদুপৰি সমাজৰ বিশিষ্ট ব্যক্তিসকলকো সাক্ষাৎ কৰিব বিজেপিৰ কাৰ্যকৰ্তাসকলে ।

মহাসম্পর্ক অভিযানৰ বিষয়ে কাৰ্যনিৰ্বাহক সভাত বিস্তৃতভাৱে আলোচনা কৰা হৈছে । তদুপৰি সভাত নির্বাচনী ৰণকৌশল সন্দৰ্ভত আলোচনা কৰা হৈছে । উল্লেখ্য যে, বিজেপিয়ে জিলা আৰু মণ্ডল পৰ্যায়তো কার্যনির্বাহক সভা অনুষ্ঠিত কৰি মহাসম্পৰ্ক অভিযানৰ বিষয়ে আলোচনা কৰিব । আনহাতে, মহাসম্পৰ্ক অভিযানৰ সমান্তৰালকৈ মোডী চৰকাৰৰ নৱম বর্ষপূর্তি উপলক্ষেও এলানি কার্যসূচী গ্ৰহণৰ ব্যৱস্থা কৰিছে বিজেপিয়ে । মোডী চৰকাৰৰ বিভিন্ন আঁচনি তথা কাম-কাজ ৰাইজৰ মাজলৈ লৈ যাব বিজেপিৰ কার্যকর্তাসকলে । ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তলৈকে এনে তৎপৰতা চলাই যাব বিজেপিৰ কাৰ্যকৰ্তাসকলে ।

লক্ষণীয় বিষয় যে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পিচতে ২০২৪ৰ লোকসভা নির্বাচনক লৈ বিশেষভাৱে শংকিত হৈ পৰিছে বিজেপিৰ নেতৃবৃন্দ । উল্লেখ্য যে, আজি অনুষ্ঠিত কাৰ্যনিবাহক সভাৰ পূৰ্বে শুকুৰবাৰে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় দলীয় বিষয়ববীয়াৰ সভাৰ লগতে ক'ৰ কমিটীৰ সভা । দলৰ ক'ৰ কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠকত দলীয় বিষয়সমূহত বিশেষ গুৰুত্ব প্ৰদান কৰি কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় ।

এই বৈঠকত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত পাণ্ডা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্রী ৰণজিৎ কুমাৰ দাস, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাকে ধৰি ক'ৰ কমিটীৰ সদস্যসকল উপস্থিত আছিল । আনহাতে, শুকুৰবাৰে দলৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত বিষয়ববীয়া সভাৰ লগতে কেইবাখনো সাংগঠনিক সভা অনুষ্ঠিত হয় । ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত দলৰ ৩৯ খন সাংগঠনিক জিলা সভাপতি আৰু জিলা প্ৰভাৰী সকলৰ বৈঠক অনুষ্ঠিত হয় ।

লগতে পঢ়ক:The International Fair and Museum: দিল্লীৰ প্ৰগতি ময়দানৰ আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় প্ৰদৰ্শনীত মন্ত্ৰী কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.