অসম

assam

শিৱসাগৰ পৌৰসভা কাৰ্যালয়ত প্ৰতিবাদ

By

Published : Oct 1, 2022, 12:52 PM IST

Protest at Sivasagar municipality office

শিৱসাগৰ পৌৰসভা কাৰ্যালয়ত প্ৰতিবাদ (Protest at Sivasagar municipality office) ৷ শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল প্ৰাক্তন পৌৰনেত্ৰী । দূৰ্গা পুজা (Durga Puja 2022) উপলক্ষে অস্থায়ী দোকানসমূহৰ পৰা কৰ সংগ্ৰহ কৰাৰ নিবিদাত হোৱা অনিয়মৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ ৷

শিৱসাগৰ, 1 অক্টোবৰ: শিৱসাগৰ পৌৰসভাৰ কাৰ্যালয়ত প্ৰতিবাদ (Protest at Sivasagar municipality office) ৷ শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল প্ৰাক্তন পৌৰনেত্ৰী । দূৰ্গা পুজা (Durga Puja 2022) উপলক্ষে অস্থায়ী দোকানসমূহৰ পৰা কৰ সংগ্ৰহ কৰাৰ নিবিদাত হোৱা অনিয়মৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ ৷

উল্লেখ্য যে, বিগত ২৮ ছেপ্টেম্বৰত শিৱসাগৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াই দূৰ্গা পুজা উপলক্ষে ২ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ শিৱসাগৰ নগৰত বহিবলগীয়া অস্থায়ী দোকানসমূহৰ পৰা কৰ সংগ্ৰহৰ বাবে এখন নিবিদা প্ৰকাশ কৰিছিল । সেই নিবিদা অনুসৰি পৌৰসভাই বিগত ৩০ ছেপ্টেম্বৰত নিবিদা প্ৰদানৰ লগতে নিবিদা লাভ কৰা নিবিদাকাৰীসকলৰ নাম ঘোষণা কৰাৰ কথা প্ৰকাশ কৰিছিল ।

শিৱসাগৰ পৌৰসভা কাৰ্যালয়ত প্ৰতিবাদ

নিবিদাত ৰেকিব আহমেদ নামৰ এজনে ৩,৬১,০০০ টকাৰ সৰ্বোচ্চ নিৰিখ প্ৰদান কৰাৰ লগতে পৰিমা তামুলী নামৰ এগৰাকীয়ে সৰ্বনিম্ন ৯৯,০০০ টকাৰ নিৰিখ প্ৰদান কৰিছিল । কিন্তু প্ৰায় ৩৯ গৰাকী নিবিদাকাৰীয়ে অংশগ্ৰহণ কৰা উক্ত নিবিদাৰ ফলাফল আজিলৈকে শিৱসাগৰ পৌৰসভাই ঘোষণা নকৰাত ক্ষুব্ধ হৈ নিবিদাকাৰীসকলে আজি পৌৰসভাৰ কাৰ্যালয়ৰ সমুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি পৌৰ কাৰ্যালয়ত প্ৰৱেশ বন্ধ কৰি দিয়ে (Protest against Sivasagar Municipal Board) ।

লগতে পঢ়ক:নৈশ বাছেৰে ভ্ৰমণ কৰি কলিয়াবৰত জিৰণি ল’লে 35 টাতকৈ অধিক গৰুৱে

ABOUT THE AUTHOR

...view details