অসম

assam

Pigs from outside seized in Sivasagar:শিৱসাগৰ জিলাৰ আমগুৰিত জব্দ বহি:ৰাজ্যৰ গাহৰি

By

Published : Mar 17, 2023, 8:22 AM IST

Updated : Mar 17, 2023, 1:53 PM IST

Pigs from outside

ৰাজ্যত জব্দ কৰা হৈছে বহিঃৰাজ্যৰ গাহৰি ৷ চৰকাৰে বাহিৰা ৰাজ্যৰ পৰা গাহৰি আৰু কুকুৰাৰ সৰবৰাহ বন্ধ কৰাৰ পাছতো অসাধু চক্ৰই লুকাই-চুৰকৈ অব্যাহত ৰাখিছে এই সৰবৰাহ (Pigs from outside the state seized in Assam) ৷ জাতীয় সংগঠনৰ বিষয়ববীয়াই এইবাৰ আমগুৰিত জব্দ কৰিলে এখন গাহৰিভৰ্তি ট্ৰেইলাৰ ৷

জব্দ বহি:ৰাজ্যৰ গাহৰি

আমগুৰি, ১৭ মাৰ্চ: দেশত এভিয়ান ইনফ্লুয়েঞ্জা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে নিষিদ্ধ কৰিছে বহিঃৰাজ্যৰ পৰা কৰা কুকুৰা আৰু গাহৰিৰ সৰবৰাহ ৷ ইয়াৰ মাজতে শিৱসাগৰ জিলাৰ আমগুৰিত বৃহস্পতিবাৰে জব্দ হ’ল বহিঃৰাজ্যৰ পৰা সৰবৰাহ কৰা বহুসংখ্যক গাহৰি (Pigs from outside seized in Sivasagar)। ৰাজ্যত বহিঃৰাজ্যৰ পৰা সৰবৰাহ কৰা গাহৰিৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰাৰ পাছতেই আমগুৰিত গাহৰিভৰ্তি এখন ট্ৰেইলাৰ জব্দ হোৱা ঘটনাই সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । KA-01- AM-4612 নম্বৰৰ এখন ট্ৰেইলাৰৰ জড়িয়তে বাংগালোৰৰ পৰা সৰবৰাহ কৰা হৈছিল বহিঃৰাজ্যৰ এই গাহৰিখিনি ৷

জব্দ বহি:ৰাজ্যৰ গাহৰি

বৃহস্পতিবাৰে টাই আহোম যুৱ পৰিষদ, আছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ এটা দলে গাহৰিভৰ্তি এই ট্ৰেইলাৰখন আবদ্ধ কৰিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী সময়ত ছাত্ৰ সংগঠনকেইটাই গাহৰিভৰ্তি ট্ৰেইলাৰখন আমগুৰি আৰক্ষীক চমজাই দিয়ে । ৰাজ্য চৰকাৰে অসমত বহিঃৰাজ্যৰ গাহৰিৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰাৰ সময়তে আমগুৰিত এনেদৰে বৃহৎ পৰিমাণৰ গাহৰি জব্দ হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো বহিঃৰাজ্যৰ গাহৰিৰে ভৰি পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাও (Pigs from outside the state seized in Assam) । প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ আমগুৰিৰ পৰা এটা অসাধু চক্ৰই বহিঃৰাজ্যৰ গাহৰি সৰবৰাহ কৰি মুকলিকৈ চলাই আহিছে ব্যৱসায় । জিলাখনত বহিঃৰাজ্যৰ পৰা গাহৰি সৰবৰাহক লৈ চলিছে এটা বিশাল চিণ্ডিকেট । শিৱসাগৰ জিলালৈ বহিঃৰাজ্যৰ পৰা নিতৌ ট্ৰাকে ট্ৰাকে সৰবৰাহ হৈ আহিছে গাহৰি ।

জানিব পৰা অনুসৰি, জব্দকৃত বহিঃৰাজ্যৰ এই গাহৰিখিনি অসাধু চক্ৰটোৱে আমগুৰিৰ হালোৱাটিং হৈ নগালেণ্ডলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল ৷ কিন্ত ইয়াৰ মাজতে আমগুৰিৰ বহুকেইটা জাতীয় সংগঠনে গাহৰিভৰ্তি ট্ৰেইলাৰখন জব্দ কৰি আৰক্ষীক চমজাই দিয়ে । অসমৰ দৰে নাগালেণ্ডৰ কেইবাখনো জিলাত গাহৰি সৰবৰাহ আৰু মাংসৰ বিক্ৰী নিষিদ্ধ ৰখাৰ সময়তে চুবুৰীয়া ৰাজ্যখনলৈ অসাধু চক্ৰটোৱে বহিঃৰাজ্যৰ গাহৰি সৰবৰাহ কৰি এক বৃহৎ চিণ্ডিকেট চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক :Jal Jeevan Mission: এবছৰ নৌহওঁতেই ফাটিল জল জীৱন মিছনৰ পানীৰ পাইপ

Last Updated :Mar 17, 2023, 1:53 PM IST

ABOUT THE AUTHOR

...view details