Jal Jeevan Mission: এবছৰ নৌহওঁতেই ফাটিল জল জীৱন মিছনৰ পানীৰ পাইপ

author img

By

Published : Mar 16, 2023, 10:30 PM IST

Jal Jeevan Mission

জলজীৱন আঁচনিৰ নামত ধেমাজিত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ নিম্নমানৰ পাইপ ব্যৱহাৰৰ ফলত ধেমাজিত বিনষ্ট হৈছে খোৱাপানী ৷ পাইপ ফুটি পানী ওলোৱাৰ ফলত বাট-পথো বোকাময় হোৱাৰ অভিযোগ উঠিছে (Jal Jeevan Mission scam) ৷

এবছৰ নৌহওঁতেই ফাটিল জল জীৱন মিছৰ পানীৰ পাইপ

ধেমাজি, ১৬ মাৰ্চ: গ্ৰামাঞ্চলৰ ঘৰে ঘৰে প্ৰতিদিনে ন্যূনতম ৫৫ লিটাৰ বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ বাবে চৰকাৰে আৰম্ভ কৰিছিল জলজীৱন মিছন ৷ ধেমাজিতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত বিভিন্ন ঠাইত কোটি টকীয়া জলজীৱন মিছন নামৰ আঁচনিখন ৰূপায়ণ কৰা হৈছে ৷ কিন্তু কাৰ্যতঃ বিসংগতিপূৰ্ণ কামেৰে সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰে মিলি আঁচনিৰ নামত লুন্ঠনৰাজ চলোৱাৰ অভিযোগ উত্থাপন হৈছে (Allegation of scam in Jal Jeevan Mission) ৷

ধেমাজি জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধেমাজি উপ-সংমণ্ডলৰ অধীনৰ তুলসীবাৰী পানী যোগান আঁচনিখনত দেখা গৈছে ব্যাপক বিসংগতি । আঁচনি ৰূপায়ন কৰা এবছৰ হ’ল যদিও ৰাইজৰ ঘৰলৈ সংযুক্ত কৰা পানীৰ পাইপসমূহ ক্ৰুটিমুক্ত নোহোৱা বাবে এতিয়া য’তে-ত’তে পাইপ ফুটি পানী ওলাবলৈ আৰম্ভ কৰিছে ৷ এনেদৰে নষ্ট হোৱা পানী পথৰ ওপৰত জমা হোৱাত তুলসীবাৰী গাঁৱৰ পথটো ঠায়ে ঠায়ে বোকাময় হৈ পৰিছে (Scam in water supply) ৷

লগতে পঢ়ক: Assam CM budget reaction: বাল্যবিবাহ প্ৰতিৰোধী অভিযানৰ বাবে বাজেটত ২০০ কোটি টকা আৱণ্টন

জল জীৱন মিছনৰ পানী ৰাইজে নাপালেও কিন্তু সেই পানীত জলকেলি কৰিবলৈ আৰম্ভ কৰিছে হাঁহে ৷ ধেমাজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধেমাজি উপ-সংমণ্ডলৰ অধীনৰ তুলসীবাৰী পানী যোগান আচঁনিখনৰ ফোপোলা স্বৰূপ ওলাই পৰিছে এইদৰেই ৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, পুৱা ৭ বজাৰ পৰা ৮ বজালৈ ঠায়ে ঠায়ে ফুটা পাইপেৰে মাটি তলৰ পৰা অনৰ্গল পানী বাহিৰ হৈ ৰাস্তা পদূলিত জমা হৈ আহিছে (Drinking water scarcity in Dhemaji) ৷

কেৱল ইমানেই নহয় আঁচনিৰ খনৰ পৰা দূষিত পানী অহা বাবে ৰাইজে ঘৰত পুনৰ ফিল্টাৰ কৰিহে সেৱন কৰিব পাৰে সেই পানী ৷ ইফালে পানীৰ বাবদ ৰাইজৰ পৰা পৰিচালনা সমিতিয়ে লৈ আহিছে মাচুল ৷ আন এক অভিযোগ মতে গাঁওখনৰ এটা মূৰত সংযোগ কৰা নাই পানীৰ পাইপ ৷ গাঁওখনৰ কেইবাটাও পৰিয়ালে এই চৰকাৰী আঁচনিৰ পানীৰ পৰা বঞ্চিত হৈ আহিছে ৷

কিন্তু এই বিষয়ে সংশ্লিষ্ট বিভাগক অৱগত কৰি অহাৰ পিচতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ জনসাধাৰণক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ নামত সংশ্লিষ্ট বিভাগটোৱে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ৰাজহুৱা ধন শৰাধ কৰাৰ অভিযোগ তুলিছে ৰাইজে ৷ বিভাগীয় ঠিকাদাৰ আৰু বিষয়া-কৰ্মচাৰীৰ এনে দুৰ্নীতিত পোত যোৱা স্বভাৱক ধিক্কাৰ দিছে অঞ্চলটোৰ লোকসকলে ৷

লগতে পঢ়ক: ULFA I Sainik Divas: সৈনিক দিৱসত কি বাৰ্তা দিলে আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.