ETV Bharat / state

মহানগৰীত পিষ্টলৰ গুলীসহ আৰক্ষীৰ জালত চিলাপথাৰৰ দুই যুৱক - youths arrested with bullets

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 10:37 PM IST

Crime in Guwahati
মহানগৰীত বৃদ্ধি অপৰাধজনিত ঘটনা

Crime in Guwahati: মহানগৰীত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । অপৰাধীৰ বিৰুদ্ধে অভিযান চলোৱাৰ পিচতো যেন ৰম্য়ভূমি হৈয়েই আছে মহানগৰী ।

গুৱাহাটী, ২৭ এপ্ৰিল : আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা ৰাজধানী গুৱাহাটী মহানগৰী এতিয়া যেন অপৰাধীৰ ৰম্য়ভূমিলৈ পৰ্যবসিত হৈছে । আৰক্ষীৰ অহৰহ তালাচী তথা অপৰাধীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ পিচতো অপৰাধৰ ঘটনা হ্ৰাস পোৱা নাই । ইয়াৰ মাজতেই গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস ।

  • " class="align-text-top noRightClick twitterSection" data="">

গুৱাহাটীত অনুষ্ঠিত হ'বলগীয় তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাসে ৰাইজক চিন্তিত কৰি তুলিছে । এই অভিযানৰ মাজতেই পাণবজাৰত দুই যুৱকৰ পৰা ৭.৬৫ পিষ্টলৰ তিনিজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে । চানমাৰী থানাৰ আৰক্ষীয়ে অভিযান চলাই পাণবজাৰৰ পৰা হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুই অভিযুক্ত যুৱকক । গ্ৰেপ্তাৰ হোৱা অভিযুক্তদ্বয় হৈছে দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা ।

চিলাপথাৰৰ এই দুই যুৱকে মহানগৰীত চলাইছিল সন্ত্ৰাস । মহানগৰীত সংঘটিত বিভিন্ন অপৰাধত ধৃত দুই যুৱক জড়িত থকাৰ তথ্য আৰক্ষীৰ হাতত আছে । অৱশ্য়ে এতিয়াও পিষ্টলটো উদ্ধাৰ কৰিব পৰা নাই চানমাৰী আৰক্ষীয়ে । জালনোট সৰবৰাহৰ গোচৰত তেজপুৰত পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল ধৃত দুই অভিযুক্ত । এই দলটোৰ আন দুটা সদস্য অজিত গগৈ আৰু ধ্ৰুৱজ্যোতি নাথক পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল চানমাৰি আৰক্ষীয়ে । আৰক্ষীৰ জেৰাত অজিত আৰু ধ্ৰুৱজ্যোতিয়ে নাম লৈছিল শনিবাৰে গ্ৰেপ্তাৰ হোৱা দেৱজিৎ আৰু অজয়ৰ ৷

উল্লেখ্য যে গুৱাহাটীৰ মহানগৰীত অস্ত্ৰধাৰী দুৰ্বৃত্তই বিভিন্ন সময়ত সন্ত্ৰাস চলাই আহিছে । মহানগৰীৰ বিভিন্ন স্থানৰ পৰা দুৰ্বৃত্তই অস্ত্ৰ দেখুৱাই মহিলাৰ ডিঙিৰ সোণৰ চেইন, মোবাইল ফোন, টকাৰ বেগ লুটি নিয়াৰ দৰে ঘটনা সঘনাই সংঘটিত হৈ আহিছে ।

লগতে পঢ়ক:বশিষ্ঠৰ বাৰত আৰক্ষীক আক্ৰমণৰ ঘটনা : পুনৰ আন এজন আৰক্ষীক প্ৰানে মৰাৰ ভাবুকি - Crime In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.