ETV Bharat / state

তীৰ্থ ভ্ৰমণৰ বাবে অসম চৰকাৰৰ বিশেষ আঁচনি, কিদৰে লাভ কৰিব ইয়াৰ সুবিধা ? - Punya Dham scheme

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 9:43 PM IST

অসম পুণ্যধাম আঁচনিৰ বিষয়ে আপুন জ্ঞাতনে ? যি আঁচনিৰ জৰিয়তে বহু তীৰ্থস্থান দৰ্শনৰ বিনামূলীয়া ব্যৱস্থা কৰিছে চৰকাৰে ৷ কিদৰে লাভ কৰিব এই আঁচনিৰ সুবিধা ? জানক এই প্ৰতিবেদনৰ জৰিয়তে...

PUNYA DHAM SCHEME
অসম পুণ্যধাম আঁচনি

গুৱাহাটী, ২৭ এপ্ৰিল: আৰ্থিক সমস্যাৰ বাবে তীৰ্থ ভ্ৰমণলৈ যাব নোৱৰাসকলৰ বাবে আছে অসম চৰকাৰৰ বিশেষ আঁচনি । যি আঁচনিৰ সুবিধা গ্ৰহণ কৰি আপুনিও যাব পাৰিব তীৰ্থ ভ্ৰমণলৈ । অসম চৰকাৰৰ এই আঁচনিখন হৈছে ‘অসম পুণ্যধাম আঁচনি’ । এই আঁচনিখনৰ যোগেদি চৰকাৰে জগন্নাথ পুৰী, মথুৰা বৃন্দাবন আৰু বৈষ্ণো দেৱীৰ উপৰি আজম শ্বৰীফ দৰগাহ দৰ্শনৰ বিনামূলীয়া ব্যৱস্থা কৰিছে ।

কি আছে সুবিধা ?

আঁচনিখনৰ যোগেদি এচি ৩ টায়াৰ ৰে’লৱে দবা আৰু বাছেৰে বিনামূলীয়াকৈ ভ্ৰমণৰ ব্যৱস্থা আছে । আনহাতে আঁচনিখনৰ যোগেদি প্ৰতিদিনে খাদ্যৰ বাবে ১৫০ টকাকৈ দিয়া হয় । তদুপৰি তীৰ্থযাত্ৰীৰ বাব আছে বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা । এচি ৩ টায়াৰ ৰে’লৱে দবা আৰু বাছেৰে নিৰ্বাচিতসকলক সকলো সুবিধাজনক স্থানলৈ লৈ যোৱা হ’ব আৰু বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা কৰা হ’ব ।

আঁচনিখনৰ ভূমিকা :

অসম চৰকাৰৰ ‘পুণ্যধাম আঁচনি’খন ২০১৭ চনতে আৰম্ভ কৰা হৈছিল । এই আঁচনিখন আৰম্ভ কৰাৰ মূল উদ্দেশ্য হ'ল যে ৰাজ্যৰ বয়স্ক লোকসকলক পুণ্যতীৰ্থ তথা ধৰ্মীয় স্থল ভ্ৰমণৰ সুযোগ প্ৰদান কৰা । বহু লোকে ইচ্ছা সত্বেও অৰ্থৰ অভাৱত তীৰ্থভ্ৰমণ কৰিব নোৱাৰে । সেইসকলৰ সপোন পূৰণৰ বাবে চৰকাৰে আঁচনিখন গ্ৰহণ কৰিছে । যাতে অসমৰ প্ৰতিগৰাকী বৃদ্ধ নাগৰিকে বিনামূল্যে পচন্দৰ তীর্থস্থানলৈ যাত্ৰ কৰিব পাৰে । বর্তমান সময়ত অসম চৰকাৰ চাৰিটা প্ৰধান ধর্মীয়স্থান বিনামূল্যে দৰ্শনৰ ব্যৱস্থা কৰিছে ।

কোনে লাভ কৰিব এই আঁচনিখনৰ সুবিধা ?

আঁচনিখনৰ সুবিধা লাভ কৰিব বিচৰা ব্যক্তিগৰাকী অসমৰ বাসিন্দা হ'ব লাগিব । পুৰুষৰ ক্ষেত্ৰত বয়সৰ সীমা ৬০ বছৰৰ পৰা ৭৫ বছৰৰ ভিতৰত । মহিল‍াৰ ক্ষেত্ৰত বয়সৰ সীমা ৫৫ বছৰৰ পৰা ৭০ বছৰৰ ভিতৰত । বাৰ্ষিক আয় আঢ়ৈ লাখ টকাৰ তলত হ'ব লাগিব । একে সময়তে এটা পৰিয়ালৰ দুজনে আঁচনিখনৰ সুবিধা ল'ব পাৰিব । শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব আৰু ভ্ৰমণযোগ্য হ’ব লাগিব । আঁচনিৰ সুবিধা লাভ কৰাসকলক গুৱাহাটীৰ পৰা নিয়া হ'ব আৰু গুৱাহাটীলৈ অনা হ'ব । এটা সময়ত এটা পৰিয়ালৰ দুজনে আবেদন কৰিব পাৰিব । তীৰ্থযাত্ৰাৰ বাবে যিকোনো এটা স্থান বাছনি কৰিব পাৰিব ।

প্ৰয়োজনীয় প্ৰমাণপত্ৰ :

অসমৰ বাসিন্দাৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড, ফোন নম্বৰ, আয়ৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰ, সুস্থত‍াৰ চিকিৎসকৰ প্ৰমাণপত্ৰ ।

কিদৰে কৰিব যোগাযোগ আৰু আৱেদন ?

যোগ্য হিতাধিকাৰীসকলে অসম চৰকাৰৰ পুণ্যধাম আঁচনিৰ অধীনত ৪টা ধৰ্মীয় স্থানলৈ বিনামূলীয়া যাত্ৰাৰ বাবে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ জৰিয়তে আবেদন কৰিব পাৰিব । অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডত উপলব্ধ এই এপ্লিকেশ্যন ফৰ্ম । আঁচনিখনৰ সুবিধা গ্ৰহণৰ বাবে অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ ৱেবচাইটত সৱিশেষ উল্লেখ আছে ।

অসম পৰ্যটন বিভাগৰ যোগেদি আঁচনিখন কাৰ্যকৰী কৰা হৈছে । অসম চৰকাৰে অনলাইন আবেদনৰ বাবে সময়ে সময়ে পৰ্টেল খুলি দিয়ে । ৱেবছাইটত লাইভ হোৱাৰ লগেলগে হিতাধিকাৰীয়ে পুণ্যধাম আঁচনিৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম পূৰণ কৰিব লাগিব ।

মৌলিক ব্যক্তিগত তথ্য পূৰণ কৰিবলৈ প্ৰথমতে নথি-পত্ৰ আপলোড কৰিব লাগিব । অনলাইন ফৰ্ম আবেদন কৰাৰ পিচত বিভাগীয়ভাৱে পৰীক্ষা কৰাৰ অন্তত যোগ্যতাৰ মৌলিক চৰ্ত অনুসৰি হিতাধিকাৰী নিৰ্বাচন কৰা হয় । নিৰ্বাচিত কৰাসকলক এছ এম এছৰ জৰিয়তে অৱগত কৰোৱা হয় ।

লগতে পঢ়ক: অভয়াপুৰীৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.