ETV Bharat / state

অভয়াপুৰীৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 5:08 PM IST

Lok Sabha Election 2024
অভয়াপুৰীত অসমৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

Lok Sabha Election 2024: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দিলে জিঅ' টেগিঙৰ নামত পঞ্চায়তৰ কৰ্মীয়ে ধন সংগ্ৰহ কৰে । যাৰ বাবে এইবাৰৰ পৰা আত্মসহায়ক গোটৰ মহিলাক জিঅ' টেগিঙৰ দায়িত্ব দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ । অভয়াপুৰীত নিৰ্বাচন প্ৰচাৰ সভাত অংশ লৈ এই ঘোষণা মুখ্যমন্ত্ৰীৰ ।

অভয়াপুৰীত অসমৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

বঙাইগাঁও,২৬ এপ্ৰিল : অহা ৭ মে'ত ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সমান্তৰালকৈ তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সমষ্টিবোৰত নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে । তাৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও জিলাৰ অভয়াপুৰীত নিৰ্বাচনী প্ৰচাৰ চলায় । মিত্ৰজোঁট অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলায় । এই সভাতে মুখ্যমন্ত্ৰীয়ে এক বৃহৎ ঘোষণা কৰে । এইবাৰৰ পৰা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ জিঅ' টেগিং আত্মসহায়ক গোটৰ মহিলাসকলে কৰিব ।

মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দিলে জিঅ' টেগিঙৰ প্ৰয়োজন । জিঅ' টেগিংবোৰ পঞ্চায়তৰ অধীনত কৰা হয় । কিন্তু জিঅ' টেগিঙৰ নামত কেতিয়াবা পঞ্চায়তৰ কিছুমান কৰ্মীয়ে ধন লয় বুলি তেওঁ উল্লেখ কৰে । যাৰ বাবে এইবাৰ জিঅ' টেগিঙৰ কাম পঞ্চায়তৰ কৰ্মীসকলৰ পৰিৱৰ্তে মহিলা আত্মসহায়ক গোটে কৰিব বুলি তেওঁ ঘোষণা কৰে ।

সংবাদমাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে সম্পত্তি কৰ বিষয়ক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । শেহতীয়াকৈ ব্যক্তিগত সম্পত্তিৰ ওপৰত কৰ আৰোপ কৰাৰ পোষকতা কৰা ছেম পিত্ৰোদাৰ মন্তব্যক লৈ দেশজুৰি প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এনেধৰণৰ সিদ্ধান্তই মধ্যবিত্ত লোকসকলক ধ্বংসৰ মুখলৈ ঠেলি দিব । এই মন্তব্যক নৰেন্দ্ৰ মোদীৰ লগতে সকলোৱে বিৰোধিতা কৰিছে বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ দাবী কৰা মতে এইবাৰ নিৰ্বাচনত গৌৰৱ গগৈয়ো হাৰিব ,কংগ্ৰেছো হাৰিব । বদৰুদ্দিন আজমল পৰাজিত হ'লে মুখ্যমন্ত্ৰীও পৰাজিত হ'ব বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জনা-শুনা আৰু পঢ়া-শুনা কৰা ল'ৰাই এনেধৰণৰ মন্তব্য কৰা উচিত নহয় । তেওঁ কয় যে আজমলৰ সমৰ্থনত নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী নহয় ।

নিৰ্বাচনী প্ৰচাৰত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ভোট দিবলৈ ৰাইজক আহ্বান জনায় । ইফালে বিজেপিৰ প্ৰচাৰ গীতৰ তালে-তালে মুখ্যমন্ত্ৰীগৰাকীয়ে মঞ্চত নাচিলেও । উক্ত প্ৰচাৰ সভাত অগপৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ লগতে অগপ আৰু বিজেপি দলৰ কেইবাগৰাকী নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :শনিবাৰে অসমলৈ আহিব কংগ্ৰেছ অধ্যক্ষ খাৰ্গে, পুনৰ আহি আছে প্ৰিয়ংকাও - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.