ETV Bharat / politics

আজি অসমলৈ আহিব কংগ্ৰেছ অধ্যক্ষ খাৰ্গে, পুনৰ আহি আছে প্ৰিয়ংকাও - Lok sabha election 2024

Lok Sabha Election 2024: শনিবাৰে অসমলৈ আহিব কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে । বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ হৈ প্ৰচাৰ চলাবলৈ আহিব খাৰ্গে ৷ আনহাতে 2 মে'ত পুনৰ অসমলৈ আহিব প্ৰিয়ংকা গান্ধী ৷.

3rd phase of Lok sabha election
3rd phase of Lok sabha election
author img

By ETV Bharat Assamese Team

Published : April 26, 2024 at 2:19 PM IST

|

Updated : April 27, 2024 at 9:20 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 26 এপ্ৰিল: নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ শেষ হ’ব ৷ শনিবাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ অসমলৈ এদিনীয়া কাৰ্যসূচীৰে আহিব খাৰ্গে ।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে ২৭ এপ্ৰিলত পুৱা আহি গুৱাহাটীত উপস্থিত হ’ব । শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশেষ বিমানযোগে দিনৰ ১১-৩০ বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হ'ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকী ।

ইয়াৰ পিচতে মহানগৰীৰ কিৰণশ্ৰী হোটেলত দিনৰ 12 বজাৰ পৰা 1 বজালৈ এখন সংবাদমেল সম্বোধন কৰিব খাৰ্গেই । সংবাদমেলৰ পিচত দিনৰ 2 বজাত হেলিকপ্টাৰ যোগে তেওঁ বৰপেটালৈ ৰাওনা হ'ব ৷ বৰপেটাত এখন নিৰ্বাচনী সভা সম্বোধন কৰিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে ।

তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বৰপেটাত সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়নৰ হৈ প্ৰচাৰ চলাব মল্লিকাৰ্জুন খাৰ্গেই । পুনৰ বিয়লি 4 বজাত গুৱাহাটীলৈ আহি বিশেষ বিমানযোগে দিল্লীলৈ উৰা মাৰিব খাৰ্গে ।

আনহাতে 2 মে'ত পুনৰ অসমলৈ আহিব প্ৰিয়ংকা গান্ধী ৷ সেইদিনাই ধুবুৰীত ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাব প্ৰিয়ংকাই ৷ ইপিনে 4 মে'ত গুৱাহাটীত কংগ্ৰেছে উলিয়াব এক বিশাল ৰেলী ৷

মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ দৰে গেৰুৱা দলৰ শীৰ্ষ নেতাসকলে এন ডি এৰ প্ৰাৰ্থীসকলৰ বাবে ব্যাপক প্ৰচাৰ চলাই ৰাজ্যখনৰ পৰা সৰ্বাধিক আসন সুৰক্ষিত কৰিবলৈ নিজৰ সকলো শক্তি প্ৰয়োগৰ বিপৰীতে কংগ্ৰেছৰ হৈ এতিয়ালৈকে প্ৰিয়ংকা গান্ধীৰ বাহিৰে ইয়াৰ শীৰ্ষ নেতাসকলক দলৰ প্ৰাৰ্থীৰ মনোবল বঢ়াবলৈ আগ্ৰহী হোৱা পৰিলক্ষিত হোৱা নাই।

লক্ষণীয় যে প্ৰিয়ংকা গান্ধীৰ পিছত খাৰ্গে হৈছে অসম ভ্ৰমণ কৰা দ্বিতীয়গৰাকী শীৰ্ষ কংগ্ৰেছ নেতা। কংগ্ৰেছে অসমৰ পৰা 14 খন লোকসভা আসনৰ ভিতৰত ইণ্ডি এলায়েন্সৰ অংশ হিচাপে 13 খন আসনত প্ৰাৰ্থী দিয়াৰ বিপৰীতে এখন আসনত অসম জাতীয় পৰিষদে কংগ্ৰেছৰ সহযোগী দল হিচাপে প্ৰতিদ্বন্দিতা কৰিছে ৷

লগতে পঢ়ক: ৰাজ্যত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন; ভোটকেন্দ্ৰত ভোটাৰৰ ভিৰ - Lok sabha Election 2024

Last Updated : April 27, 2024 at 9:20 AM IST