ETV Bharat / politics

ৰাজ্যত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন; ভোটকেন্দ্ৰত ভোটাৰৰ ভিৰ - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 9:09 AM IST

Updated : Apr 26, 2024, 10:48 AM IST

2nd phase of Lok sabha Election: ৰাজ্যত আৰম্ভ হৈছে সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ 7 বজাৰ পূৰ্বৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত ভিৰ পৰিলক্ষিত হৈছে ভোটাৰৰ ৷ ৰাজ্যৰ দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন । গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী ৷

2 nd phase of Polling starts in 5 Lok Sabha constituencies in Assam

ৰাজ্যত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন; ভোটকেন্দ্ৰত ভোটাৰৰ ভিৰ

নিউজ ডেস্ক, 26 এপ্ৰিল: আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যটো আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । আজি ৰাজ্যৰ দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । পুৱাৰে পৰা ভোটকেন্দ্ৰত ভোটাৰৰ ভিৰ পৰিলক্ষিত হৈছে ।

শিলচৰ লোকসভা সমষ্টি:

শিলচৰ লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে 7 টা বিধানসভা সমষ্টি আৰু এই সমষ্টিকেইটা হ’ল শিলচৰ, ধলাই, লক্ষীপুৰ, কাটিগড়া, উধাৰবন্ধ, বৰখলা আৰু সোনাই । শিলচৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে 8 জন প্ৰাৰ্থীয়ে । প্ৰাৰ্থীসকল হ’ল বিজেপিৰ পৰিমল শুক্লবৈদ্য, কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ, তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস, SUCI(C) পাৰ্টিৰ প্ৰভাস চন্দ্ৰ সৰকাৰ, বাঙালি নৱনির্মাণ সেনাৰ বাৰীন্দ্র দাস । বহুজন মহাপাৰ্টিৰ ৰাজীৱ দাস । নির্দলীয় প্ৰাৰ্থী ৰাজু দাস আৰু নিৰ্দলীয় প্ৰাৰ্থী অনন্ত মোহন ৰয় ।

এইবাৰ শিলচৰ লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল 13 লাখ 51 হাজাৰ 496 ৷ ইয়াৰ মাজত পুৰুষ ভোটাৰৰ সংখ্যা হল 6 লাখ 76 হাজাৰ 331 জন আৰু মহিলা ভোটাৰৰ সংখ্যা হ’ল 6 লাখ 75 হাজাৰ 141 জন ৷ লগতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হ’ল 24 জন । এইবাৰ নিৰ্বাচনৰ বাবে শিলচৰত মুঠ 1551 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে আৰু এই ভোটকেন্দ্ৰবোৰৰ ভিতৰত 210 টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত । ইয়াৰ মাজত স্পৰ্শকাতৰ ভোটকেন্দ্ৰ 135 টা বুলি জানিব পৰা গৈছে ।

আনহাতে, আইন-শৃংখলা পৰিস্থিতি চোৱা চিতাৰ বাবে ভোটকেন্দ্ৰসমূহত মোতায়ন কৰা হৈছে আৰক্ষী । ইপিনে, পুৱাই ভোটদান কৰিলে শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই । ধলাই বিধানসভাৰ ১১৮নং আইৰংমাৰা প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত নিজৰ ভোটদান কৰিলে পৰিমল শুক্লবৈদ্যই ৷ পুৱা ঘৰত পূজা অৰ্চনা কৰি ঘৰ কাষতে থকা ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰে শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই ।

9 নং নগাঁও লোকসভা সমষ্টি:

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে 9 নং নগাঁও লোকসভা সমষ্টিৰ বিধানসভা সমষ্টিৰ ডেকাগাঁও প্ৰাথমিক বিদ্যালয়ত পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে । নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও, জাগীৰোড, লাহৰীঘাট বিধানসভা সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰত পুৱা সাত বজাৰ পূৰ্বেই ভোটাৰৰ ভিৰ দেখিবলৈ গৈছে ।

নগাঁও লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 18 লাখ 17 হাজাৰ 204 টা । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 9 লাখ 14 হাজাৰ 479 টা । মহিলা ভোটাৰৰ সংখ্যা হৈছে 9 লাখ 2 হাজাৰ 643 টা । নগাঁও লোকসভা সমষ্টিত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 82 টা ।

দৰং-ওদালগুৰি লোকসভা সমষ্টি:

দৰং ওদালগুৰি লোকসভা সমষ্টিৰ 11 টাকৈ বিধানসভা সমষ্টি শুকুৰবাৰৰ পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । 11 টাকৈ বিধানসভা সমষ্টিত 10,99,294 গৰাকী পুৰুষ আৰু 10,87,840 গৰাকী মহিলা আৰু 19 গৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা 21,87,160 গৰাকী ।

ইয়াৰে ভিতৰত কামৰূপৰ 31 নং ৰঙিয়া আৰু 32 নম্বৰ কমলপুৰ বিধানসভা সমষ্টিত 1,96,956 গৰাকী পুৰুষ ভোটাৰ আৰু 1,91,376 গৰাকী মহিলা ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা 3,88,332 গৰাকী । বাক্সা জিলাৰ 43 নম্বৰ তামুলপুৰ আৰু 44 নম্বৰ গোৰেশ্বৰ বিধানসভা সমষ্টিত 2,07,260 গৰাকী পুৰুষ ভোটাৰ আৰু 2,04,404 গৰাকী মহিলা ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা 4,11,664 গৰাকী ।

ওদালগুৰি জিলাৰ 45 নম্বৰ ভেৰগাওঁ, 46 নম্বৰ ওদালগুৰি, 47 নম্বৰ মাজবাট আৰু 48 নম্বৰ টংলা বিধানসভা সমষ্টিত 3,41,395 গৰাকী পুৰুষ, 3,47,807 গৰাকী মহিলা আৰু 4 গৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ 6,89,206 গৰাকী ভোটাৰ । দৰং জিলাৰ 49 নম্বৰ ছিপাঝাৰ, 50 নম্বৰ মংগলদৈ আৰু 51 নম্বৰ দলগাওঁ বিধানসভা সমষ্টিত 3,53,683 গৰাকী পুৰুষ আৰু 3,44,260 গৰাকী মহিলা আৰু 15 গৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰ 6,97,958 গৰাকী । একেদৰে এইবাৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 2622 টা । দৰং-ওদালগুৰি লোকসভা সমষ্টিত 13952 গৰাকী 85 বছৰতকৈ ওপৰৰ ভোটাৰ, 365 গৰাকী শতবৰ্ষ গৰকা ভোটাৰ আৰু 26,663 গৰাকী 18-19 বছৰীয়া যুৱ ভোটাৰ আছে ৷

ডিফু লোকসভা সমষ্টি

পুৱা 7 বজাৰ পৰা ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত ডিমা হাছাও জিলা তথা হাফলং বিধানসভা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ । লক্ষণীয়ভাবে, পূৰ্বৰ সময়বোৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ৰাইজে যি উৎসাহেৰে ভোটদান কৰিবলৈ ওলাই আহিছিল চলিত লোকসভা নিৰ্বাচনত ৰাইজৰ মাজতে তেনে উৎসাহ পৰিলক্ষিত হোৱা নাই ।

এইবাৰ ডিমা হাছাও জিলাৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে জিপিএছৰ ব্যৱস্থা কৰা হৈছে । ইপিনে হাফলং টাউন ৰাজি ভোটগ্ৰহণ কেন্দ্ৰত এগৰাকী যুৱ ভোটাৰে যি দলৰ চৰকাৰ গঠন হ’ব সেই চৰকাৰে যুৱকসকলৰ বাবে কাম কৰিব লাগে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

লগতে পঢ়ক: কোন কোন হাই প্ৰফাইল ৰাজনৈতিক নেতাৰ ভাগ্য আজি বন্দী হ’ব ই ভি এমত? - Lok Sabha Election 2024

Last Updated : Apr 26, 2024, 10:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.