অসম

assam

Imran Shah birthday: আজি কথাশিল্পী ইমৰাণ শ্বাহৰ জন্মদিন

By

Published : Nov 23, 2022, 10:30 AM IST

Imran Shah
কথাশিল্পী ইমৰাণ শ্বাহৰ জন্মদিন ()

আজি অসম সাহিত্য উপত্যকা বঁটা প্ৰাপক, কথাশিল্পী ইমৰাণ শ্বাহৰ ওপজা দিন (Assamese writer Imran Shah birthday) ৷ অসমীয়া সাহিত্যৰ এক অন্যতম মাইলৰ খুটি পদ্মশ্ৰী ইমৰাণ শ্বাহে ৯০ বছৰত ভৰি দিলে । বিভিন্নজনে জনাইছে সাহিত্যিকগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা ।

শিৱসাগৰ,২৩ নৱেম্বৰ :অসম সাহিত্য উপত্যকা বঁটা প্ৰাপক, আজানপীৰ বঁটা প্ৰাপক, কথাশিল্পী ইমৰাণ শ্বাহৰ আজি ওপজা দিন ৷ অসমীয়া ভাষা সাহিত্যৰ অন্যতম যুগদ্ৰষ্টা কথাশিল্পী ইমৰাণ শ্বাহে ভৰি দিলে ৯০ বছৰত (Birthday of Assamese writer Imran Shah)৷ ৯০ বছৰত ভৰি দিলেও আজিও যেন চিৰ তৰুণ সাহিত্যিকগৰাকী । হাতত কলম লৈ এতিয়াও ধ্যানমগ্ন নিজৰ সৃষ্টি সাধনাত ৷

বিশিষ্ট সাহিত্যিকগৰাকীৰ জন্মদিনত বিভিন্নজনে শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে । তেওঁৰ বাসগৃহত উপস্থিত হৈ বহু অনুৰাগী লগতে সংগঠনে তেওঁ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মৰমৰ উপহাৰ দিছে ।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমীয়া সাহিত্যৰ এক অন্যতম মাইলৰ খুটি পদ্মশ্ৰী ইমৰাণ শ্বাহে ১৯৩৩ চনত শিৱসাগৰৰ ধাই আলিত জন্মগ্ৰহণ কৰিছিল (Padma Shri Imran Shah) ৷ তেওঁৰ পিতৃ মহম্মদ শ্বাহ আৰু মাতৃ মৰিয়ম নিচা । ধাই আলিৰ ২ নং প্রাথমিক বিদালয়ৰ পৰা শিক্ষা জীৱনৰ আৰম্ভ কৰি শিৱসাগৰ চৰকাৰী হাইস্কুল, কটন কলেজ, শিৱসাগৰ কলেজ আদিত উচ্চ শিক্ষা সম্পন্ন কৰে কথাশিল্পী ইমৰাণ শ্বাহে ।

কথাশিল্পী ইমৰাণ শ্বাহৰ জন্মদিন

নৱম শ্রেণীত থাকোতেই ১৯৫১ চনত প্ৰকাশ পাইছিল তেওঁৰ প্ৰথম কাব্য সংকলন “বনবাসী” । তাৰ পিছৰ বছৰত প্ৰকাশ পাইছিল তেওঁৰ প্রথম উপন্যাস “সংগীতৰ সিপাৰে” । ১৯৫৮ চনত নতুন অসমীয়াত ইমৰাণ শ্বাহৰ প্রথম গল্প “অপৰিচিতা” প্রকাশ পাইছিল । ইমৰাণ শ্বাহ আছিল ৰামধেনু যুগৰ এগৰাকী নিয়মীয়া লেখক ।

ঈষাণ দত্ত, বাবুল ,অনামিকা বৰুৱা, অমিতাভ বৰুৱা আদি বিভিন্ন ছদ্মনামৰে অসংখ্য গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ আদি ৰচনা কৰা আজানপীৰ বঁটা প্ৰাপক সাহিত্যিক গৰাকীয়ে সাহিত্যৰ ক্ষেত্ৰত দীঘলীয়া পৰিক্ৰমা পাৰ কৰিও স্থৱিৰ হৈ পৰা নাই ৷ আনহাতে সংগীতৰ সিপাৰে, জোনাকৰ ছবি, তানচেন, অনমিতা, ক্ৰান্তিৰেখা, সাগৰিকা, জৱানবন্দী, বন্ধ দুৱাৰ, ক্ৰীতদাসৰ হাঁহি, মোৰ ফুলনিৰ ফুল, সৃষ্টি-দৃষ্টি, কুকুহা, দোকমোকালিৰ দৰে বহুকেইখন গ্ৰন্থৰ শ্ৰষ্টা ইমৰাণ শ্বাহে চহকী কৰিছে অসমীয়া সাহিত্যৰ ভঁৰাল ৷

ইতিমধ্যে ৮ খনকৈ গল্প সংকলন, ১০ খন উপন্যাস, ২ খন প্ৰৱন্ধ সংকলন, ১ খন জীৱনী, ৩ খন অনুদিত গল্প আৰু কেইবাখনো সম্পাদিত গল্প প্ৰকাশ পোৱা ইমৰাণ শ্বাহে ২০১২ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ সভাপতি আছিল । জন্মদিনৰ এই বিশেষ মুহূৰ্তত নৱপ্ৰজন্মক সাহিত্য সৃষ্টিত ব্ৰতী হ'বলৈ আহ্বান জনালে সাহিত্যিকগৰাকীয়ে । ইতিমধ্যে বহু বঁটা আৰু উপাধিৰ সন্মান লাভ কৰা কথাশিল্পী গৰাকীলৈ ইটিভিৰ তৰফৰ পৰাও জন্মদিনৰ শুভকামনা জনালো ।

লগতে পঢ়ক :Rangia youth dead in Sikkim: মধুচন্দ্ৰিকালৈ গৈ মৃত্যুক আঁকোৱালিলে ৰঙিয়াৰ যুৱকে

ABOUT THE AUTHOR

...view details