অসম

assam

প্ৰধানমন্ত্ৰীৰ ওপজা দিন পালনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ জাকিৰ হুছেইন শিকদাৰৰ

By

Published : Sep 16, 2021, 6:26 PM IST

Jakir hussain Sikdar reaction PM Modi Birthday Celebration
প্ৰধানমন্ত্ৰীৰ ওপজা দিন পালনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ জাকিৰ হুছেইন শিকদাৰৰ

"ৰজাই কেক কাটি আনন্দ কৰিব আৰু প্ৰজা ভোকত মৰিব এয়া কেতিয়াও হ'ব নোৱাৰে । আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক মাধমাৰ সোধোৱাৰ সময়ত ২১ দিনীয়াকৈ প্ৰধানমন্ত্ৰীৰ ওপজা দিন উদযাপন কৰাৰ কোনো যুক্তি নাই" । বুধবাৰে নলবাৰীত এইদৰে শাসকীয় দলটোক সমালোচনা কৰে সৰুক্ষেত্ৰীৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ।

নলবাৰী, ১৬ ছেপ্টেম্বৰ: ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন । এইবেলি বিজেপিয়ে ২১ দিনীয়াকৈ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰাৰ পৰিকল্পনা লৈছে । কিন্তু বিজেপিৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে বিৰোধী দলসমূহে । বুধবাৰে নলবাৰীত অনুষ্ঠিত জিলা কংগ্ৰেছ কমিটীৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশ লৈ সৰুক্ষেত্ৰীৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয় যে, ৰজাই কেক কাটি আনন্দ কৰিব আৰু প্ৰজা ভোকত মৰিব এয়া কেতিয়াও হ'ব নোৱাৰে ।

কৰ'ণাসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশৰ জনতাৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰাৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰামটাঙোন সোধাইছে ৰাইজক । এনে সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন একৈশ দিনীয়াকৈ পালন কৰাৰ কোনো যুক্তি নাই বুলি তেওঁ মন্তব্য কৰে । জাকিৰ হুছেইন শিকদাৰে লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন এশ দিনীয়াকৈ পালন কৰাতো কংগ্ৰেছৰ আপত্তি নাই । কিন্তু জন্মদিনত পেট্ৰ'ল-ডিজেলৰ দাম হ্ৰাস কৰি দিয়ক আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কমাই দিয়ক ।

প্ৰধানমন্ত্ৰীৰ ওপজা দিন পালনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ জাকিৰ হুছেইন শিকদাৰৰ

মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সময়ত আৰু মহামাৰীসৃষ্ট সংকটৰ সময়ত একৈশ দিনীয়াকৈ প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন কৰাক লৈ তীব্ৰ সমালোচনা কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে । আনহাতে, টেট পৰীক্ষাৰ প্ৰসংগত তেওঁ কয় যে, বৰপেটা, বজালী, গোৱালপাৰাত টেটৰ পৰীক্ষা কেন্দ্ৰ নাই ।

শিক্ষা নগৰী হিচাপে পৰিচিত বজালীৰ লগতে এই জিলা কেইখনত টেটৰ পৰীক্ষা কেন্দ্ৰ নথকাক সমালোচনা কৰে সৰুক্ষেত্ৰীৰ বিধায়কগৰাকীয়ে । পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে জিলাই জিলাই টেটৰ পৰীক্ষাৰ কেন্দ্ৰ থাকিব লাগে বুলি তেওঁ মন্তব্য কৰে । আনহাতে, তেওঁ কয় যে, কেবিনেট মন্ত্ৰীয়ে প্ৰথমে ভুল সিদ্ধান্ত লয় আৰু মুখ্যমন্ত্ৰীয়ে সেই ভুলৰ শুধৰণি কৰে । এইবাৰো মুখ্যমন্ত্ৰীয়ে ভুলৰ শুধৰণি কৰি জিলাই জিলাই টেটৰ পৰীক্ষা কেন্দ্ৰ স্থাপন কৰাৰ ব্যৱস্থা কৰিব বুলিও মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে ।

লগতে পঢ়ক:শুকুৰবাৰে ৰাজ্যজুৰি চলিব মেগা ভেকচিনেশ্যন অভিযান

ABOUT THE AUTHOR

...view details