অসম

assam

নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ শিৱসাগৰলৈ চাইকেল যাত্ৰা

By

Published : Aug 13, 2022, 5:04 PM IST

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই শিৱসাগৰলৈ আৰম্ভ কৰিলে চাইকেল যাত্ৰা (Awareness Cycle Rally by Ex MLA Ashok Sarma)। অসম বৃৃক্ষৰোপণ শস্য উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মাৰ অষ্টম শ্ৰেণীৰ পুত্ৰইও অংশ ল'ব এই চাইকেল যাত্ৰাত । গুৱাহাটীৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব এই সজাগতামূলক চাইকেল যাত্ৰাৰ ।

Nalbari
নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ শিৱসাগৰলৈ চাইকেল যাত্ৰা

নলবাৰী, ১৩ আগষ্ট :দেশৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱস উপলক্ষে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । দেশজুৰি ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । ব্যক্তিগতভাৱেও বহু লোকে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ বাবে ভিন্ন পদক্ষেপ লৈছে । এইবাৰ নলবাৰীৰ পিতা-পুত্ৰৰ বিশেষ চাইকেল যাত্ৰা ।

অষ্টম শ্ৰেণীত অধ্যয়নৰত পুত্ৰৰ সৈতে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই শনিবাৰৰ পৰা আৰম্ভ কৰিলে বিশেষ সজাগতামূলক চাইকেল যাত্ৰা (Ex MLA Ashok Sarma organized Awareness Cycle Rally)। নলবাৰীৰ পৰা শিৱসাগৰলৈ চাইকেল চলায় যাব প্ৰাক্তন বিধায়ক, তেওঁৰ পুত্ৰসহ ৬ জনীয়া এটা দল (Guwahati to Sivasagar cycle rally)। নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম বৃৃক্ষৰোপণ শস্য উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মাই জনোৱা মতে 'মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প'ৰ প্ৰসাৰ তথা পৰিৱেশ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবে এই চাইকেল যাত্ৰাৰ আয়োজন কৰা হৈছে ।

নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ শিৱসাগৰলৈ চাইকেল যাত্ৰা

শনিবাৰে পুৱাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত আশীষ গ্ৰহণ কৰি প্ৰাক্তন বিধায়কসহ দলটোৱে আৰম্ভ কৰিলে চাইকেল যাত্ৰা । ইফালে এই চাইকেল যাত্ৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰুসজাই ষ্টেডিয়ামৰ পৰা ফ্লেগ অফ কৰে । চাইকেল যাত্ৰাৰ ফ্লেগ অফ কৰাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰুসজাই ষ্টেডিয়ামত বৃক্ষৰোপণ কাৰ্য্যসূচীতো অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে শিৱসাগৰলৈ এই চাইকেল যাত্ৰাৰ আয়োজন কৰা হৈছে । স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত অসমখনক সেউজীয়া কৰি ৰখাৰ বাবে সংকল্প গ্ৰহণ কৰিব লাগিব । জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰৰ বাবে অসমখন সেউজ কৰি ৰাখিব লাগিব ।

তেওঁ কয় যে অহা ২০৩৫ চনৰ ভিতৰত অসমত কয়লা আৰু পেট্ৰ'ল-ডিজেলৰ ব্যৱহাৰ ৫০ শতাংশ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । অসমত ৩০০০ মেগাৱেট সৌৰ শক্তি উৎপাদন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

শিৱসাগৰলৈ যাত্ৰাৰ নেতৃত্ব দিয়াৰ বাবে অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগম পৰিসীমিতৰ অধ্যক্ষ অশোক শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় -"অতি উৎসাহজনক কথা যে ৰেলীৰ সময়ত অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ যাত্ৰাৰ পথত গছপুলি ৰোপণ কৰিব ।তদুপৰি, চাইকেল ৰেলীয়ে স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাৰ্তা আৰু আমাৰ জাতিৰ চহকী ঐতিহ্য বহন কৰিব বুলি মই আশাবাদী। "

অনুষ্ঠানত সতীৰ্থ মন্ত্ৰী ইউ জি ব্ৰহ্ম, সাংসদ কুইন ওজা, প্ৰাক্তন সাংসদদ্বয় ৰাজেন গোহাঁই আৰু ৰমেন ডেকা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি অন্যান্য গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :অমৃত মহোৎসৱৰ এই প্ৰচেষ্টা আদৰণীয়

ABOUT THE AUTHOR

...view details