অসম

assam

নতুন শিক্ষা ব্য়ৱস্থাৰ বিৰুদ্ধে নলবাৰীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্মঘট

By

Published : Aug 17, 2022, 5:01 PM IST

অসমীয়া মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় ইংৰাজীত পাঠদান কৰাৰ যি চৰকাৰী সিদ্ধান্ত, সেইয়া বাতিল কৰাৰ দাবীত নলবাৰী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে গণ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে (Protest of Asom Jatiyatabadi Yuba Chatra Parishad)। চৰকাৰৰ এনে সিদ্ধান্তই অসমীয়া ভাষাৰ প্ৰতি সংকত নমাই আনিব বুলি ক্ষোভ প্রকাশ কৰি এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

Protest of Asom Jatiyatabadi Yuba Chatra Parishad
নতুন শিক্ষা ব্য়ৱস্থাৰ বিৰুদ্ধে নলবাৰীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্মঘট

নলবাৰী, ১৭ আগষ্ট:ৰাজ্য় চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটাৰ পাঠদানৰ মাধ্যম ইংৰাজী কৰিব বিচৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি বিগত কেইবাদিন ধৰি আব্য়াহত আছে প্ৰতিবাদী কাৰ্যসূচী(New education system of Assam Government)। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন জাতীয় দল-সংগঠনে (Protest against teaching medium from class III in English)। চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে ৰাজ্য়ৰ প্ৰতিখন জিলাত প্ৰতিবাদ সাব্য়স্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

নতুন শিক্ষা ব্য়ৱস্থাৰ বিৰুদ্ধে নলবাৰীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্মঘট

ৰাজ্য়ৰ আন জিলাৰ লগতে নলবাৰীৰ গৰ্ডনতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে গণ অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে(Protest of Asom Jatiyatabadi Yuba Chatra Parishad in Nalbari)। নলবাৰী চহৰৰ গৰ্ডন চ'কত পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা গণ অৱস্থান ধৰ্মঘটত শতাধিক প্ৰতিবাদকাৰীয়ে অংশ লয় ।

অসমীয়া মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়দুটা ইংৰাজীত পাঠদান কৰাৰ চৰকাৰী সিদ্ধান্ত বাতিল কৰা, প্ৰতিটো শ্ৰেণীৰ বিপৰীতে এজনকৈ শিক্ষক নিয়োগ কৰাৰ লগতে বিজ্ঞান শিক্ষাৰ শিক্ষা-প্ৰতিষ্ঠানকে ধৰি সকলো চৰকাৰী বিদ্যালয়ত শিক্ষা বিনামূলীয়া কৰাৰ দাবীত পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে । চৰকাৰৰ এনে সিদ্ধান্তই অসমীয়া ভাষাৰ প্ৰতি সংকত নমাই আনিব বুলি ক্ষোভ প্রকাশ কৰি সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ গণ অৱস্থান

ABOUT THE AUTHOR

...view details