লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ গণ অৱস্থান

By

Published : Aug 17, 2022, 3:21 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

ৰাজ্যজুৰি আব্য়াহত আছে তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটাৰ পাঠদানৰ মাধ্যম চৰকাৰে ইংৰাজী কৰিব বিচৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী(Assam Government new education system)। ৰাজ্য চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন জাতীয় দল-সংগঠনে(protest against teaching medium from class III in english)। ইয়াৰ মাজতে বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজ্য জুৰি অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ গণ অৱস্থান(Protest of Asom Jatiyatabadi Yuba Chatra Parishad)কাৰ্যসূচীৰ অংশৰূপে নগৰৰ খেলমাটিত এইদৰে প্ৰতিবাদ জনায় । অসমীয়া মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় ইংৰাজীত পাঠদান কৰাৰ চৰকাৰী সিদ্ধান্ত বাতিল কৰা, প্ৰতিটো শ্ৰেণীৰ বিপৰীতে এজনকৈ শিক্ষক নিয়োগ কৰাৰ লগতে বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠানৰ পৰা সকলো চৰকাৰী বিদ্যালয়ত শিক্ষা বিনামূলীয়া কৰাৰ দাবীত পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে । চৰকাৰৰ এনে সিদ্ধান্তই অসমীয়া ভাষাৰ প্ৰতি সংকট নমাই আনিব বুলি ক্ষোভ প্রকাশ কৰি সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে । অন্যথা পৰিষদে ধাৰাবাহিক আন্দোলন চলাই যাব বুলি সকীয়াই দিয়ে ।

Last Updated : Feb 3, 2023, 8:26 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.