অসম

assam

হায়দৰাবাদলৈ কাম বিচাৰি গৈ কেনেকৈ খোজ কাঢ়ি ওড়িশা পালেগৈ নগাঁৱৰ অজয় ?

By

Published : Nov 25, 2021, 10:51 PM IST

Updated : Nov 27, 2021, 11:27 AM IST

Migrant worker
কেনেকৈ হাদৰবাদলৈ কাম বিচাৰি গৈ খোজ কাঢ়ি ওড়িষা পালেগৈ নগাঁৱৰ অজয়ে ?

এজন সাধাৰণ লোকৰ এটা অসাধৰণ যাত্ৰা ৷ অসমৰ পৰা হায়দৰাবাদলৈ কামৰ সন্ধানত যোৱা অজয়ে কিয় খোজ কাঢ়ি ঘৰলৈ ওভটাৰ সিন্ধান্ত লৈ ওড়িশা পালেগৈ জানো আহক ৷

নেশ্বনেল ডেস্ক, 25 নৱেম্বৰ :হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ প্ৰচেষ্টা চলাই ৬৫০ কিলোমিটাৰ অতিক্ৰম কৰি এতিয়া অসমৰ এজন প্ৰব্ৰজনকাৰী শ্ৰমিক অজয় বৰদলৈ ওড়িশাৰ কোৰাপুট জিলাৰ লক্ষ্মীপুৰত উপস্থিত হৈছে(migrant laborer from Assam walked 650 km )। অসমৰ নগাঁও জিলাৰ বাসিন্দা অজয় বৰদলৈয়ে কেইমাহমান আগতে দিন হাজিৰা কৰা শ্ৰমিক হিচাপে কাম কৰি জীৱিকা উপাৰ্জন কৰাৰ বাবে সুদুৰ হায়দৰাবাদত উপস্থিত হৈছিল । অজয়ৰ মতে, তেওঁক এজন স্থানীয় মিস্ত্ৰীয়ে প্ৰলোভিত কৰি কৈছিল যে, তেওঁ হায়দৰাবাদত ভাল উপাৰ্জন কৰিলৈ সক্ষম হ’ব ।

হায়দৰাবাদত উপস্থিত হোৱাৰ পিছত, অজয়ক এটা ঘৰ নিৰ্মাণৰ কাৰ্যত নিয়োজিত কৰা হৈছিল । যেতিয়া অজয়ে কেইবা মাহ ধৰি কাম কৰিও তেওঁৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈছিল ৷ তেওঁক হায়দৰাবাদলৈ নিয়া মিস্ত্ৰীজন হঠাতে নোহোৱা হৈ যায় ৷ এনেদৰেই এতিয়াৰ পৰা তিনি মাহ আগতে এদিন তেওঁ খোজ কাঢ়ি ঘৰলৈ ওভতাৰ সিদ্ধান্ত লয় ৷

হায়দৰাবাদলৈ কাম বিচাৰি গৈ কেনেকৈ খোজ কাঢ়ি ওড়িশা পালেগৈ নগাঁৱৰ অজয় ?

তেওঁৰ ওচৰত আন কোনো উপায়েৰে গুৱাহাটীলৈ যাবলৈ টকা নাছিল বাবেই তেওঁ খোজকাঢ়ি যাত্ৰা কৰিবলৈ বাধ্য হৈছিল । তেওঁৰ হাতত কাৰো ফোন নম্বৰ অথবা এটা মোবাইল ফোনো নাছিল । যেতিয়া বাটত কোনোবাই খাদ্য দিছিল, তেওঁ তাৰেই পেট ভৰাইছিল আৰু যেতিয়া মানুহে একো দিয়া নাছিল, তেওঁ পানী খাই আৰু কিছু দূৰলৈ খোজ কাঢ়িছিল ।

তিনি মাহ আগতে গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰা অজয়ে মালকানগিৰি জিলাৰ মাজেৰে ওড়িশাত প্ৰৱেশ কৰিছিল আৰু হায়দৰাবাদৰ পৰা প্ৰায় 650 কিলোমিটাৰ খোজ কাঢ়ি যোৱাৰ পিছত, তেওঁ শেহতীয়াকৈ কোৰাপুট জিলাৰ লক্ষ্মীপুৰ পাবলৈ সক্ষম হৈছে । যেতিয়া তেওঁ লক্ষ্মীপুৰৰ লোকসকলক গুৱাহাটীলৈ যোৱা পথৰ বিষয়ে সুধি আছিল, তেতিয়া তেওঁক এজন যুৱ সমাজকৰ্মী নৰেন্দ্ৰ গাৰাদাই দেখা পাইছিল আৰু তেওঁ এইদৰে খোজ কাঢ়ি যোৱাৰ কাৰণ অনুসন্ধান কৰিছিল ।

যেতিয়া তেওঁ অজয়ৰ হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ যাত্ৰাৰ বিষয়ে জানিব পাৰিছিল, তেওঁ তেওঁৰ ঘৰলৈ লৈ গৈ অজয়ৰ যত্ন লয় ৷ নৰেন্দ্ৰই লক্ষ্মীপুৰৰ ওচৰত এটা নতুন ৰেল সুৰংগ নিৰ্মাণত নিয়োজিত অসমৰ কিছুমান শ্ৰমিকৰ বিষয়ে জানিছিল বাবে তেওঁ অজয়ক তেওঁলোকৰ ওচৰলৈ লৈ গৈছিল । সম্প্ৰতি, এই অসমীয়া লোক সকলৰ তত্বাৱধানতেই আছে অজয় ৷

লগতে পঢ়ক :Violence in Tripura Civic body election : পুনৰ নিৰ্বাচনৰ দাবী তৃণমূলৰ

Last Updated :Nov 27, 2021, 11:27 AM IST

ABOUT THE AUTHOR

...view details