অসম

assam

ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম দলক প্ৰতিনিধিত্ব কৰিব কলিয়াবৰৰ ফুটবলাৰ চিমি গগৈয়ে

By

Published : Sep 27, 2022, 7:19 PM IST

kaliabor

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ অসম দলক প্ৰতিনিধিত্ব কৰিব কলিয়াবৰৰ চিমি গগৈয়ে (36th National Games) । মন্ত্ৰী কেশৱ মহন্তৰ শুভেচ্ছা ।

কলিয়াবৰ, ২৭ ছেপ্টেম্বৰ : গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ'বলগীয়া ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ বাবে(36th National Games Ahmedebad) অসম দলত স্থান লাভ কৰিছে কলিয়াবৰৰ ফুটবলাৰ চিমি গগৈয়ে (Kalibor footballer Simi Gogoi represent Assam) । তেওঁ অসমৰ মহিলা ফুটবল দলটোক প্ৰতিনিধিত্ব কৰিব (Assam Women Football team to National Games) ।

কলিয়াবৰ ক্ৰীড়া সন্থাৰ অধীনৰ ফ্ৰেইণ্ডশ্বীপ ক্লাৱৰ ফুটবলাৰ চিমি গগৈয়ে বৰ্তমান অসমৰ দলটোত যোগদান কৰিছে । যোৱা ৮ ছেপ্টেম্বৰত ডুমডুমাত সামৰণি পৰা ২৫ সংখ‍্যক আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবল প্ৰতিযোগিতাত (Inter district women football competition) কলিয়াবৰ জিলা দলক প্ৰতিনিধিত্ব কৰি নিজৰ নিপুণ ক্ৰীড়া শৈলীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল চিমি গগৈয়ে ।

ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম দলক প্ৰতিনিধিত্ব কৰিব কলিয়াবৰৰ ফুটবলাৰ চিমি গগৈয়ে

সেই সূত্ৰে মহিলা ফুটবল দলৰ নিৰ্বাচকৰ বাছনিত উঠি অসম মহিলা ফুটবল দলত স্থান লাভ কৰে চিমি গগৈয়ে (Simi Gogoi to Assam women football team) । চিমিৰ এই সাফল‍্যত উৎফুল্লিত হৈছে কলিয়াবৰবাসী । কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই চিমি গগৈক শুভেচ্ছা জনাই কয় (Health Minister Keshab Mahanta) যে কলিয়াবৰৰ পৰা ৰাষ্ট্ৰীয় ক্ৰীড়াত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা চিমি গগৈয়ে কলিয়াবৰৰ ক্ৰীড়া জগতলৈ শুভবাৰ্তা কঢ়িয়াই আনিব ।

উল্লেখ‍্য যে, অহা ২৯ ছেপ্টেম্বৰৰ পৰা ১২ অক্টোবৰলৈ গুজৰাটৰ আহমেবাদত অনুষ্ঠিত হ'ব ৩৬ সংখ‍্য ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ । উক্ত ক্ৰীড়া মহোৎসৱলৈ ২৭২ জনীয়া অসম দলটোৱে ইতিমধ‍্যে পৰ্যায়ক্ৰমে বিমানেৰে আহমেদাবাদলৈ ৰাওনা হৈছে ।

লগতে পঢ়ক :চাহ জনজাতিৰ সকলো লোকে নাপাব জনজাতিৰ মৰ্যাদা: সঞ্জয় কিষাণ

ABOUT THE AUTHOR

...view details