অসম

assam

Relief to flood-affected farmers: কামপুৰত বানপীড়িতক উন্নত মানৰ শষ্যৰ বীজ বিতৰণ

By

Published : Jul 12, 2022, 10:24 AM IST

Jitu Goswami distributed good quality seeds to flood affected people at Kampur
কামপুৰত বানপীড়িত ৰাইজক বিনামূলীয়াকৈ উন্নত মানৰ শষ্যৰ বীজ বিতৰণ ()

কামপুৰত বানপীড়িত ৰাইজৰ মাজত বিনামূলীয়াকৈ উন্নত মানৰ শষ্যৰ বীজ যোগান (Jitu Goswami distributed good quality seeds to flood affected people at Kampur) । সোমবাৰে জিলা কৃষি বিভাগৰ তৰফৰ পৰা বানপীড়িত কৃষকক 25 কুইণ্টল শালিধানৰ বীজ 'বিনাধান-১০' যোগান ধৰা হয় (Relief to flood-affected farmers) ৷

বঢ়মপুৰ, 12 জুলাই : সোমবাৰে নগাঁও জিলা কৃষি বিভাগে কামপুৰৰ পৰিদৰ্শন ভৱনত বানাক্ৰান্ত কৃষকসকলক বিনামূলীয়াকৈ বিতৰণ কৰে উন্নত জাতৰ শষ্যৰ বীজ ৷ দুৰ্যোগ ব্যৱস্থা আঁচনি 2022 (DM) ৰ অধীনত বানে ক্ষতিগ্ৰস্ত কৰা কৃষকক বিনাধান-১০ নামৰ উন্নত মানৰ শালিধানৰ বীজ আনুষ্ঠানিকভাৱে বিতৰণ কৰে সমষ্টিটোৰ বিধায়ক জিতু গোস্বামীয়ে(Jitu Goswami distributed good quality seeds to flood affected people at Kampur) ।

বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰ কৃষি চক্ৰৰ পাঁচটা পঞ্চায়ত আৰু কামপুৰ পৌৰ সভাৰ 250 জন কৃষকক প্ৰথম পৰ্যায়ত এই বীজ বিতৰণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে জিলা কৃষি বিষয়াগৰাকীয়ে । ইফালে শালি ধানৰ বীজ বিতৰণ অনুষ্ঠানতে কামপুৰ চক্ৰৰ বিভিন্নজন কৃষকক ফচল বীমাৰ যোজনাৰ প-পত্ৰও বিতৰণ কৰা হয় ।

কামপুৰত বানপীড়িত ৰাইজক বিনামূলীয়াকৈ উন্নত মানৰ শষ্যৰ বীজ বিতৰণ

আনহাতে, এই আঁচনিৰ বিষয়ে অধিকাংশ কৃষকেই জ্ঞাত নহয় ৷

যাৰ বাবে তেওঁলোকে এই কৃষি বিমা আঁচনিৰ প-পত্ৰ পূৰণ কৰা নাই ৷ সেয়ে এইবাৰ বীমা আঁচনিৰ প-প্ৰত্ৰ পূৰণৰ বাবে প্ৰয়োজনীয় ধনৰাশি যোগানেৰে স্থানীয় বিধায়কগৰাকীয়ে নিজাকৈ কৃষকসকলক প্ৰদান কৰিব বুলিও জানিব দিয়ে ৷ লগতে এই আঁচনিৰ সুবিধা সকলো কৃষককে লব’লৈ আহ্বান জনাই বিধায়ক জিতু গোস্বামীয়ে ।

উল্লেখ্য যে, সোমবাৰে এই বীজ বিতৰণ অনুষ্ঠানত বিধায়ক গোস্বামীৰ লগতে উপস্থিত থাকে জিলা কৃষি বিষয়া তৰুণ হাজৰিকা, কৃষি বিষয়া ৰঞ্জন ডেকা, ৰহা মহকুমাৰ কৃষি বিষয়া সূৰ্য কুমাৰ আমচি, কৃষি বিষয়া ক্ৰমে গোপাল দাস, দিলীপ বৰা, ৰকিবুল ফাৰুকী, বিউতি গগৈ, প্লাৱিতা বৰগোঁহাইকে আদি কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ৷

লগতে পঢ়ক :Brahmaputra river Erosion: মৈৰাবাৰীত ব্ৰহ্মপুত্ৰৰ খৰাখনীয়া ৰোধৰ হকে ৰাইজৰ শ্ৰমদান

ABOUT THE AUTHOR

...view details