অসম

assam

নগাঁও জিলা পুথিভঁৰালত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 8:48 AM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে নগাঁও জিলা পুথিভঁৰালত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত নগাঁও জিলাৰ 1572 গৰাকী আৰু হোজাই জিলাৰ 586 গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক এই আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হৈছে ।

Anandaram baruah award distribution
নগাঁও জিলা পুথিভঁৰালত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত

নগাঁও জিলা পুথিভঁৰালত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত

চামগুৰি, 30 নৱেম্বৰ : বৃহস্পতিবাৰে নগাঁও জিলা পুথিভঁৰালত নগাঁও আৰু হোজাই জিলাৰ শিক্ষা বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত "আনন্দৰাম বৰুৱা" বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত নগাঁও আৰু হোজাই জিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে "আনন্দৰাম বৰুৱা" বঁটা প্ৰদান কৰা হয় । এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷

মন্ত্ৰীগৰাকীয়ে ভাষণত বৰ্তমান চৰকাৰখনে শিক্ষাৰ্থীসকলৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে, এই পদক্ষেপসমূহৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল শৈক্ষিক দিশত যথেষ্ট উপকৃত হৈছে। এটা সবল শৈক্ষিক পৰিৱেশ গঢ় দিবলৈ ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক আৰু শিক্ষাগুৰুসকলৰ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজন ।

উল্লেখ্য যে, 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% বা ততোধিক নম্বৰপ্ৰাপ্ত নগাঁও জিলাৰ 1572 গৰাকী আৰু হোজাই জিলাৰ 586 গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক এই আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হৈছে । এই বঁটাত 15,000 টকাকৈ ধনৰাশি ছাত্ৰ-ছাত্ৰীসকলৰ নিৰ্দিষ্ট বেংক একাউণ্টযোগে (DBT) প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । এই অনুষ্ঠানতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কলাক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা কেন্দ্ৰীয় অনুষ্ঠানটিৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।

এই সভাত নগাঁও সদৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাস, নগাঁও উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা, নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত (শিক্ষা) লক্ষ্যজ্যোতি দাস, নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, বিশিষ্ট সমাজকৰ্মী বাবুল বৰাকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে ।

লগতে পঢ়ক:টংলাত প্ৰথমবাৰৰ বাবে বৰশীৰে মাছধৰা প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details