টংলাত প্ৰথমবাৰৰ বাবে বৰশীৰে মাছধৰা প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 10:36 PM IST

thumbnail

ওদালগুৰি, 29 নৱেম্বৰ : ওদালগুৰিত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে মাছধৰা প্ৰতিযোগিতা ৷  বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মাছধৰা প্ৰতিযোগিতা বিয়লি ২ বজাত সামৰণি পৰিব ৷

উল্লেখ্য যে, উক্ত প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ হিচাবে থাকিব নগদ চাৰি লাখ টকা, দ্বিতীয় পুৰস্কাৰ হিচাবে থাকিব ২ লাখ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাবে থাকিব এক লাখ টকা । তাৰোপৰি ১০ হাজাৰকৈ প্ৰায় ৩০ গৰাকী প্ৰতিযোগীৰ বাবে থাকিব নিচুকনি পুৰস্কাৰ । প্ৰতিযোগিতাত যিগৰাকী খেলুৱৈয়ে আটাইতকৈ বেছি ওজনৰ মাছ ধৰিব তেৱেঁই হ'ব প্ৰথম বিজয়ী ।

আনহাতে প্ৰতিযোগিতাত ভাগ ল’বলৈ হ'লে উপস্থিত হ’ব লাগিব ওদালগুৰি জিলাৰ টংলাৰ হাৰ্চাপাৰাত । ভৰ্তি মাচুল ২৫০০ টকা ৷ ইতিমধ্যে বৰশীৰে মাছধৰা প্ৰতিযোগিতাত ভাগ ল’বলৈ স্থানীয় প্ৰতিযোগীসকলৰ বাহিৰেও ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে শ্বিলং, অৰুণাচল প্ৰদেশৰ পৰাও খেলুৱৈসকল আহি উপস্থিত হৈছে ।

লগতে পঢ়ক : ঐতিহ্যমণ্ডিত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হীৰক জয়ন্তী উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.