অসম

assam

বনৰৌসহ আটক তিনিজন

By

Published : Sep 19, 2020, 4:59 AM IST

দুষ্প্ৰাপ্য বনৰৌ সহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ । বন্যপ্ৰাণী সৰবৰাহকাৰী ক্ৰমে নিৰঞ্জন মণ্ডল, দ্বীপন মালাকাৰ আৰু চিমৰণ চুলতান। ইয়াৰে ন্যায়ালয়ত হাজিৰ কৰাৰ সময়ত কৰা স্বাস্থ্য পৰীক্ষাত চিমৰণৰ দেহত ক’ভিড উপস্থিতি ধৰা পৰাত চিমৰণক চিকিৎসা ব্যৱস্থা কৰাৰ বিপৰীতে আনদুজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ ।

pangolin recovered at Morigaon
বনৰৌসহ আটক তিনিজন

মৰিগাঁও, 18 ছেপ্টেম্বৰ : দুষ্প্ৰাপ্য বনৰৌসহ তিনি জন সৰবৰাহকাৰীক আটক । এক গোপন সূত্ৰৰ পম খেদি বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাই ধৰমতুল আঞ্চলিক বন বিষয়া কাৰ্যালয় আৰু নখোলা খণ্ড বন বিষয়া কাৰ্যালয়ৰ যুটীয়া অভিযানত বনৰৌটো জব্দ কৰে ৷ লগতে বন্যপ্ৰাণী সৰবৰাহকাৰী তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

বনৰৌসৰবৰাহকাৰী

কাৰ্বি আংলঙৰ বৈঠালাংচুৰ পৰা এ এছ ০১ এ এন ৪২৭৪ নম্বৰৰ চুইফ্ট ডিজায়াৰ বাহনত দুষ্প্ৰাপ্য বনৰৌটো লৈ গুৱাহাটী অভিমুখে গৈ আছিল তিনি বন্যপ্ৰাণী সৰবৰাহকাৰী। তেনে সময়তে পূৰ্বৰ পৰা খাপ পিতি থকা বনবিভাগৰ দলটোৱে জাগীৰোডত তালাচী চলায় জব্দ কৰে বাহন খন । বন বিভাগে আটক কৰা তিনি সৰবৰাহকাৰী ক্ৰমে মৰিগাঁও দলবাৰীৰ চিমৰণ চুলতান (চালক) বৈঠালাংচুৰ নিৰঞ্জন মণ্ডল আৰু দ্বিপন মালাকাৰ ৷

বনৰৌসহ আটক তিনিজন

জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ কাৰ্বিআংলঙৰ পৰা যে বিভিন্ন সময়ত ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে এনেদৰে দুষ্প্ৰাপ্য বন্য জন্তু সৰবৰাহ হৈ থাকে শুকুৰবাৰৰ ঘটনাই তাৰেই প্ৰমাণ কৰিলে । ইফালে বন বিভাগে WCC NK-01 /2020-21 নম্বৰত গোচৰ তৰি তদন্ত অব্যাহত ৰাখিছে ।
মনকৰিবলগীয়া যে শুকুৰবাৰে সন্ধিয়া অপৰাধী কেইবাজনক আদালতৰ হাজিৰ কৰা সময়ত কৰা শাৰীৰিক পৰীক্ষাত চালক চিমৰণ চুলতানৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰাত আক্ৰান্ত চিমৰণক চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে আন দুজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :বাক্সাত দৰ্জা ভাঙি যুৱতীক বলাৎকাৰ

ABOUT THE AUTHOR

...view details