ETV Bharat / state

বাক্সাত দৰ্জা ভাঙি যুৱতীক বলাৎকাৰ

author img

By

Published : Sep 18, 2020, 10:09 PM IST

ঘৰৰ দৰ্জা ভাঙি সোমাই মুখত সোপা দি উপৰ্যুপৰি ধৰ্ষণ কৰে এগৰাকী যুৱতীক ৷ বলাৎকাৰীৰ বিৰুদ্ধে বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাত গোচৰ ৰুজু ৷

বাক্সাত দৰ্জা ভাঙি যুৱতীক বলৎকাৰ
বাক্সাত দৰ্জা ভাঙি যুৱতীক বলৎকাৰ

বৰমা,18 ছেপ্তেম্বৰ : বাক্সা জিলাৰ মুছলপুৰত চাঞ্চল্যকৰ ঘটনা ৷ নিশা ঘৰত অকলে থকাৰ সুযোগ লৈ এগৰাকী যুৱতীক উপৰ্যুপৰি ধৰ্ষণ এগৰাকী যুৱকৰ ৷ বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ টটলাপাৰাত সংঘটিত হৈছে এই ঘটনা ৷ একেখন গাঁৱৰে প্ৰশান্ত ৰাভা ওৰফে মন্দিৰ ৰাভাই সংঘটিত কৰে এই নিৰ্লজ্জ কাণ্ড ৷ যুৱতীগৰাকী নিশা গৃহত অকলে থকাৰ কথা জানিব পাৰি টটলাপাৰা গাঁৱৰ ধৃত প্ৰশান্ত ৰাভাই ঘৰৰ দৰ্জা ভাঙি মুখত সোপা দি উপৰ্যুপৰি ধৰ্ষণ কৰে যুৱতীগৰাকীক ৷

এই ঘটনা সংঘটিত কৰিয়ে যুৱকজনে নিশা এন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় যদিও যুৱতীগৰাকীৰ মুছলপুৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰী প্ৰশান্ত ৰাভাক ৷ উল্লেখ্য যে,এই ধৰ্ষণ কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনতে ৷

লগতে চাওক-কৰিমগঞ্জত ক’ভিড প্ৰট’কল উলংঘন বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.