ETV Bharat / state

কৰিমগঞ্জত ক’ভিড প্ৰট’কল উলংঘন বিধায়কৰ

author img

By

Published : Sep 18, 2020, 8:28 PM IST

কৰিমগঞ্জত ক’ভিড প্ৰট’কল ভংগ কৰাৰ যেন অবাধ প্ৰতিযোগিতা ৷ কি সৰ্বসাধাৰণ,এইবাৰ স্বয়ং বিধায়কেই ভৰিৰে মোহাৰিলে ক’ভিড প্ৰট’কলৰ সকলো নীতি-নিয়ম ৷

BJP MLA BREAK COVID PROTOCOL
ক’ভিড প্ৰট’কলৰ উলংঘন স্বয়ং বিধায়কৰ

কৰিমগঞ্জ, 18 ছেপ্তেম্বৰ : ৰাজ্যত কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ মাজতেই নিৰ্ধাৰণ কৰি দিয়া হৈছে বিভিন্ন নীতি-নিয়ম ৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাৰ লগতে সৰ্বসাধাৰণে মানি চলিবলগীয়া হৈছে সামাজিক দূৰত্ব ৷ কিন্তু এতিয়া প্ৰশ্ন কেৱল সাধাৰণ লোকৰ বাবে হে নেকি ক’ভিড প্ৰট’কল ! নেতা মন্ত্ৰীৰ বাবে প্ৰযোজ্য নহয় নেকি চৰকাৰী ক’ভিড প্ৰট’কল সমূহ । নে ৰজাঘৰীয়া লোকৰ বাবে আছে পৃথক নীতি-নিয়ম ৷ সাধাৰণ ৰাইজে মাস্ক বা সামাজিক দূৰত্ব বজায় নাৰাখিলে ভৰিব লগা হৈছে 500 ৰ পৰা 1000 টকালৈ জৰিমনা । কিন্তু এই ৰজাঘৰীয়াৰ পৰা কোনে ল’ব জৰিমনা ।

ক’ভিড প্ৰট’কলৰ উলংঘনক লৈ প্ৰতিক্ৰিয়া

এতিয়া সমাগত বিধানসভা নিৰ্বাচনক লৈ যিয়ে যি দৰে পাৰিছে ৰাইজক আকৰ্ষিত কৰা চেষ্টা চলাই আছে । ব্যতিক্ৰম নহয় কৰিমগঞ্জ জিলাৰ দৃশ্যও ৷ কিছু দিন পূৰ্বে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থই তেওঁ সমষ্টিত নৌকাদৌড় প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে কৰিছিল নৌকা বিহাৰ ৷ য’ত সমাগম হৈছিল বহু লোকৰ ৷

কিন্তু এই বেলি ক’ভিড প্ৰট’কল ভংগ কৰাত উঠি পৰি নামিল শাসনাধীষ্ঠ বিজেপিৰ বিধায়কে ৷ পাথাৰকান্দি সমষ্টিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পালৰ ঘৰতে শুকুৰবাৰে প্ৰায় পাঁচ শতাধিক লোকে যোগদান কৰে বিজেপি দলত । কিন্তু আশ্চৰ্যৰ বিষয় বিধায়কৰ সন্মুখতেই ভংগ কৰা পৰিলক্ষিত হ’ল ক’ভিড চৰকাৰী প্ৰট’কল ৷ কোনো সমাজিক দূৰত্ব,মাস্ক অবিহনেই অংশ ল’লে শ-শ লোকে ৷ এতিয়া এই সকল জনপ্ৰতিনিধিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস আছেনে কৰিমগঞ্জ প্ৰশাসনৰ । এতিয়া প্ৰশ্ন উত্থাপন হৈছে যদি ৰজাঘৰীয়াই এনেদৰে আইনক কেৰেপ নকৰে তেন্তে কি কৰিব সাধাৰণ ৰাইজে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.